ষ্টীভি ৱণ্ডাৰ আৰু এটা নিগনি
- অর্ণৱ শইকীয়া
You are the sunshine of my life/ That’s why I’ll always be around ?/ You are the apple of my eye/ Forever you’ll stay in my heart/ I feel like this is the beginning/ Though I’ve loved you for a million years …
অতি জনপ্রিয় ‘ৰ’লিং ষ্ট’ন’ আলোচনীয়ে বিশ্বৰ সর্বকালৰ সর্বশ্রেষ্ঠ পাঁচশ গীতৰ বাবে এটি সমীক্ষা চলাইছিল৷ সেই সমীক্ষাত প্রথম তিনিশ গীতৰ ভিতৰতে স্থান পাইছিল ১৯৭৩ চনত মুক্তি পোৱা এই প্রেমৰ গীতটিয়ে৷ গীতটি লিখিছিল ষ্টীভি ৱণ্ডাৰ–এ৷ তেৱেঁই প্রযোজনাৰ লগতে গীতটিতকণ্ঠও নিগৰাইছিল৷ সত্তৰৰ দশকতে সংগীত বিশ্বত আলোডন তোলা এইজন ষ্টীভি ৱণ্ডাৰৰে এটি চমু সাক্ষাৎকাৰভিত্তক লেখা অন্তর্ভুক্ত কৰা হৈছে বিখ্যাত গ্রন্থ ‘দ্য ৰেষ্ট অৱদ্য ষ্টৰী’ত ৷
‘আমেৰিকান ৰেডি’ নেটৱর্ক’তবাতৰি পঢোঁতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল প’ল হার্ভেই নামৰ এজন ডেকাই৷ বাতৰি পঢাৰ সময়তো প্রাণৱন্ত কণ্ঠ আৰুব্যতিক্রমী উপস্থাপন শৈলীৰ বাবেই খুব কম সময়ৰ ভিতৰতেই এক বিশেষ পৰিচিতি গঢি তুলিছিল দেশৰ জনতাৰ মাজত৷ পিছৰ সময়ত তেওঁ আমেৰিকান ৰেডি’যোগে নিজস্ব পৰিচালনা তথা প্রযোজনাৰে আৰম্ভ কৰে এটা অনুষ্ঠান– ‘দ্য ৰেষ্ট অৱ দ্য ষ্টৰী’৷ সোমবাৰৰ পৰা শুক্রবাৰলৈ সম্প্রচাৰ হোৱা প’ল হার্ভেইৰ অনুষ্ঠানটিয়ে আমেৰিকাৰ শ্রোতাৰ পৰা অভূতপূর্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেই অনুষ্ঠানত তেওঁ সেই সময়ৰ বহুকেইজন চর্চিতব্যক্তিৰ অকথিত সফলতা–বিফলতাৰ কাহিনীবোৰ প্রচাৰ কৰিছিল৷ ৰেডি’ৰ অনুষ্ঠান তেওঁ সামৰিছিল এইষাৰ কথাৰে–And now you know… the rest of the story৷ প’ল হার্ভেইৰে সন্তান প’ল অ’ৰাঁই (সঠিক উচ্চাৰণ হয়তো অন্য হ’ব –Paul Aurandt, নগাঁৱৰ প্রভাত বৰা ছাৰেহে শুদ্ধকৈ জানিব) সেই কাহিনীবোৰকে একত্র কৰি সেই অনুষ্ঠানটিৰ নামেৰেই এখনি বহুল সমাদৃত গ্রন্থ প্রকাশ কৰে প’ল হার্ভেই জুনিয়ৰ নাম লৈ ৷
প’ল হার্ভেইৰ ‘দি ৰেষ্ট অৱ দ্য ষ্ট’ৰী’ অনুষ্ঠানৰ এবাৰৰ অতিথি আছিল সেই সময়ৰ বিশ্বৰ সংগীতপ্রেমীৰ হূদস্পন্দনত পৰিণত হোৱা ষ্টীভি ৱণ্ডাৰ৷ হার্ভেই–এ জানিব বিচাৰিছিল ষ্টীভি ৱণ্ডাৰৰ জীৱনৰ সফলতাৰবাটৰ আটাইতকৈ উল্লেখনীয় নির্ণায়ক মুহূর্তবা ‘টার্নিং পইণ্ট’টোৰ বিষয়ে৷ প্রত্যেক মানুহৰে জীৱনত তেনে অসংখ্য নির্ণায়ক মুহূর্ত থাকে, যি জীৱনৰ গতিপথকে সম্পূর্ণৰূপে সলাই দি এজন মানুহক নতুনকৈ গঢ দিয়ে৷ জীৱনৰ ‘টার্নিং পইণ্টটো’ৰ বিষয়ে ক’বলৈ গৈ বিখ্যাত সংগীতশিল্পীজনে কৈছিল ষ্টীভি ম’ৰিছ Stevie Morris) নামৰ এটি শিশুৰ কাহিনী এটি ৷
আমেৰিকাৰ ডেড্রইট মহানগৰীৰ কোনোবা এটা কোণৰ এখন স্কুলৰ কথা ৷
স্কুলৰ বুকশ্বেল্ফৰ কিতাপ এখন কুটি পেলাইছিল নিগনিয়ে৷ শ্বেল্ফটোলৈ যেতিয়া নিগনি এটা সোমাই যোৱা দেখিলে, হাতত স্কেল এপাট লৈ নিগনিটোবধিবলৈ উদ্যত হ’ল শিক্ষয়িত্রীগৰাকী৷ কিন্তু কিতাপ দুখনমান আঁতৰাই দিওঁতেই নিগনিটো ওলাই লৰ মাৰিলে৷ শিক্ষীয়িত্রীগৰাকীয়েও নিগনিটোৰ পিছ ল’লে৷ তাক মাৰিব নোৱাৰিলে যে সি আৰু অনিষ্ট কৰিব !
পলাই যোৱা নিগনিটো অন্য এটা কোঠাত হেৰাই গ’ল৷ কিন্তু তাক বিচাৰি উলিয়াবৰ বাবে স্কুলখনৰ এজন ছাত্রক শিক্ষয়িত্রীগৰাকীয়ে দায়িত্ব দিলে৷ শিক্ষয়িত্রীগৰাকীয়ে ক’লে যে নিগনিটো বিচাৰি উলিওৱাটো সেই বিশেষ ছাত্রজনৰ বাবেহে সম্ভৱ৷ শ্রেণীৰ সকলো ছাত্র–ছাত্রী আচৰিত হ’ল শিক্ষয়িত্রীগৰাকীৰ কথাত৷ কাৰণ যিজন ছাত্রক দায়িত্ব দিয়া হৈছিল, তেওঁ আছিল অন্ধ৷ ছাত্রজনৰ নাম আছিল ষ্টীভি ম’ৰিজ৷ কথাটো ছাত্র–ছাত্রীসকলে শিক্ষয়িত্রীগৰাকীক সোঁৱৰাই দিলে৷ কিন্তু শিক্ষয়িত্রীগৰাকীয়ে জোৰ দি ক’লে যে কোঠাটোৰ পৰা নিগনিটো বিচাৰি উলিয়াই তাক মৰাটো কেৱল ষ্টীভিৰ বাবেহে সম্ভৱ৷ কাৰণ চকুৰে দেখা নাপালেও ষ্টীভিৰ দুখন সংবেদনশীল কাণ আছে আৰু চকুৰ বাবে সন্মুখীন হোৱা সমস্যাবোৰৰ সমাধান হ’ল ল’ৰাটিৰ সেই কাণ দুখন ৷
শিক্ষয়িত্রীগৰাকীৰ পৰা বিশেষ গুৰুত্ব পাই উৎসাহেৰে ষ্টীভিয়ে কোঠাটোৰ ভিতৰত সেই নিগনিটোৰ সন্ধান চলালে নিজৰ কাণ দুখনকে ভৰসা কৰি৷ কাণেৰেই তেওঁ নিগনিটোৰ গতিৰ ফলত হোৱা ক্ষীণ শব্দৰ সহায়তেই তাৰ অৱস্থান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলে ল’ৰাটিয়ে৷ আৰু এটা সময়ত সকলোকে আচৰিত কৰি দি নিগনিটো ধৰি পেলালে সেই অন্ধ ল’ৰাটিয়ে৷
এটি অর্থপূর্ণ হাঁহি বাগৰি গ’ল শিক্ষয়িত্রীগৰাকীৰ ওঁঠেদি৷ তেওঁ ষ্টীভিক প্রশংসাৰে ওপচাই পেলালে সকলো ছাত্র–ছাত্রীৰ সমুখতে ৷
আনবোৰ ছাত্র–ছাত্রীয়ে যেতিয়া দৌৰিছিল, খেলিছিল, তেতিয়া স্কুলৰ কোনো এটা কোণত অকলে বহি ৰৈছিল ষ্টীভি ম’ৰিছ নামৰ ছাত্রজন৷ তেওঁ মনে মনে বিশ্বাস কৰিছিল যে আনসকল ছাত্র–ছাত্রীৰ সমানে খোজ পেলোৱাটো তেওঁৰ বাবে কোনোদিনেই সম্ভৱ নহয়, যিহেতু তেওঁ অন্ধ আছিল৷ কিন্তু সিদিনা শিক্ষয়িত্রীগৰাকীয়ে নিগনিটো বিচাৰি উলিয়াবলৈ আন সকলোৰে ভিতৰত যেতিয়া তেওঁৰ সামর্থ্যৰ ওপৰতহে বিশ্বাস স্থাপন কৰিছিল আৰু সেই বিশ্বাসৰ মান ৰখাত তেওঁ সফল হৈছিল, সিদিনাৰ পৰাই কথাবোৰ তেওঁ নতুনকৈ ভাবিবলৈ আৰম্ভ কৰিলে৷ মনৰ মাজত লাহে লাহে গঢ লৈ উঠা নীচাত্মিকাবোধৰ বালিঘৰটো এজাক কোবাল বতাহে যেন মুহূর্ততেই উৰুৱাই চিন–মোকাম নোহোৱা কৰি পেলালে৷ তেওঁৰ বিশ্বাস জন্মিল যে দুচকুৰ জ্যোতি অবিহনেও আন সমনীয়াসকলৰ তুলনাত তেওঁ কোনো ক্ষেত্রতেই পিছপৰা নহয়৷ আন ছাত্র–ছাত্রীৰ সমানেই খোজত খোজ মিলাই আগবাঢিল ষ্টীভি ম’ৰিছ পৰম আত্মবিশ্বাসেৰে ৷
শিক্ষয়িত্রীগৰাকীয়ে ষ্টীভিৰ শ্রৱণ ক্ষমতাক কৰা প্রশংসাই তেওঁক নিজৰ দৃষ্টিহীনতাৰ কথাবোৰ সমূলি পাহৰি আন সমনীয়াসকলতকৈ সংবেদনশীল কাণ দুখনৰ প্রতি বেছি সচেতন কৰি তুলিছিল৷ দুচকুৰ বাবে আন্ধাৰ হৈ পৰা পৃথিৱীখন তেওঁ ন উৎসাহেৰে চাবলৈ ল’লে মনৰ চকুৰে৷ তেওঁৰ অনুভৱ হ’ল যে চৌপাশৰ পৃথিৱী যেন কেৱল সুৰেৰে ভৰা৷ চৰাইৰ গীত, বতাহৰ গতিৰ লহৰ, নদীৰ সুৰবোৰৰ শুনি শুনি তেওঁৰ বুকু ভৰি আহিবলৈ ল’লে সংগীতৰ লহৰেৰে৷ বুকু ভৰি ৰোৱা সেই সংগীতৰ ছন্দবোৰ তেওঁ তোলাৰ চেষ্টা কৰিলে পিয়ানো, হার্মনিকা, ড্রাম বা গীটাৰত৷ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে তেওঁ বহুকেইটা বাদ্যযন্ত্র বজাব পৰা হৈ উঠিল কিশোৰ অৱস্থাতেই৷ আৰু নিজে ক’ব নোৱৰাকৈয়ে তেওঁ আগবাঢি গ’ল সুৰৰ পৃথিৱীলৈ৷ অন্ধ ল’ৰাটিৰ সংগীত প্রতিভা দেখি চমকি উঠিল চৌপাশৰ মানুহবোৰ৷ মানুহৰ মাজত ষ্টীভিৰ চর্চা চলিল ‘লিট্লৱণ্ডাৰ’ বা ‘কণমানি আশ্চর্য’ উপনামেৰে৷ আৰু লাহে লাহে অঞ্চল, দেশৰ সীমা অতিক্রমি সেই আশ্চর্য জ্যোতি বিয়পি পৰিল গোটেই বিশ্বতেই৷ ষ্টীভি মৰিছে মাত্র একৈশবছৰ বয়সতেই বিশ্বৰ সংগীত ক্ষেত্রত পৰিচিতি আর্জিলে ষ্টীভি ৱণ্ডাৰ নামেৰে ৷
হয়, ডেড্রইট মহানগৰীৰ সেই স্কুলৰ অন্ধ ছাত্র ষ্টীভি মৰিছক আমি আজি চিনি পাওঁ ষ্টীভি ৱণ্ডাৰ নামেৰে৷ আন সমনীয়াৰ দৰে খেলিববা পঢিব নোৱাৰি হীনমন্যতাত ভুগিবলৈ আৰম্ভ কৰা ছাত্রজনক যিটো বিশেষ মুহূর্তই মনৰ মাজত প্রচণ্ড আত্মবিশ্বাসৰবীজ ৰোপণ কৰিছিল আৰু আধাৰশিলা গঢি দিছিল ভৱিষ্যতৰ কিম্বদন্তি সংগীতশিল্পীজনৰ জীৱনৰ সৌধটোৰ, জীৱনৰ বাটৰ সেই ‘টার্নিং পইণ্ট’টোৰ বিষয়ে ক’বলৈ গৈ প’ল হার্ভেইৰ আগত কৈছিল সেই নিগনি ধৰা কাহিনীটোৰ কথা ষ্টীভি ৱণ্ডাৰে ৷
মোৰ ঘৰৰ সমুখৰ মানুহঘৰৰ একমাত্র ল’ৰাটো তেতিয়া পঞ্চম শ্রেণীত৷ পঢাত অত্যন্ত তীক্ষ্ণ আছিল৷ আমি কলেজত আছিলোঁ যদিও সকলোৱে মিলি একেলগে টেনিছবলেৰে ক্রিকেট খেলিছিলোঁ৷ কিন্তু মেধাৱী ল’ৰাটো আক্রান্ত হ’ল পলি’ত আৰু চিকিৎসালয়ৰ পৰা যেতিয়া ঘূৰি আহিল, পখিলাৰ দৰে উৰি ফুৰা ল’ৰাটোৰ পৃথিৱীখন সীমিত হৈ আহিছিল৷ খোজ কাঢিবলৈও তেওঁৰ দুভৰিত শকতি নোহোৱা হ’ল৷ সোঁহতীয়া ল’ৰাটোৰ সোঁহাতখনেই অকামিলা হৈ পৰিল ভৰি এটাৰ লগতে৷ পঢাবোৰ পাহৰি পেলালে৷ এবছৰমানৰ পিছত দুপিয়াই দুপিয়াই খোজকাঢিব পৰা হ’ল৷ কিন্তু আমি যেতিয়া বিয়লি খেলিবৰ বাবে ওলাই যাওঁ, তেতিয়া ঘৰৰবাৰাণ্ডাৰ পৰা এক কৰুণ দৃষ্টিৰে সি আমাৰ ফালে চাই ৰয়৷ সেই সকৰুণ চাৱনিয়ে মোক আমনি কৰিছিল সপোনতো৷ আৰু এদিন ল’ৰাটোক মই আমাৰ স’তে খেলিবৰ বাবে পথাৰলৈ লৈ গ’লোঁ ৷
আমাৰ খেলত বেটিং কৰিবৰ সময়ত সদায় হেতা–ওপৰা লাগে৷ কিন্তু মই প্রায়েই মোৰ স্থানটো সেই ল’ৰাটোক এৰি দিছিলোঁ বেটিং কৰিবলৈ৷ বেটখনতো মুঠি মাৰিব নোৱৰা ল’ৰাটোৱে লাহে লাহে ওলোটাকৈ হাতদুখন পাক মাৰি এটা কৌশলেৰে বেটখন ধৰিব পৰা হৈ আহিছিল৷ ফিল্ডিঙৰ সময়তো তেতিয়া ল’ৰাটোক মোৰ কাষতেই ৰাখিছিলোঁ আৰুবলবোৰ ধৰিবলৈ উৎসাহিত কৰিছিলোঁ৷ ক’ব নোৱৰাকৈয়ে মই যেন ল’ৰাটোৰ কোচ হৈ পৰিছিলোঁ৷ পৰিছিল যদিও সি উঠি বাৰে বাৰে দৌৰিছিলবলৰ পাছত৷ যেন আৰম্ভ হৈছিল কেতিয়াও হাৰ মানিবলৈ প্রস্তুত নোহোৱা মানুহৰ জীৱনৰ দৌৰ৷ ব্যর্থ হৈ সি প্রায়েই মোলৈ চাইছিল আৰু আমি সকলোৱে হাতচাপৰিৰে তাক উৎসাহিত কৰিছিলোঁ৷ ল’ৰাটোৰ মনৰ পৰা নীচাত্মিকাবোধ নোহোৱা হৈছিল আৰু আমি নাথাকিলেও সি খেলপথাৰলৈ গৈ সমনীয়াৰ স’তে খেলত ভাগ লৈছিল৷ চাইকেল চলাব পৰা হৈছিল৷ আৰু আজি ল’ৰাটোৱে কেতিয়াবা আমাকহে মাতে খেলপথাৰলৈ৷ এখন হাত আৰু এটা ভৰিৰ কিছু দুর্বলতা থাকিলেও সকলো ক্ষেত্রতেই কিন্তু সি আন দহজনৰ দৰে সমানেই সক্ষম৷ চাৰিত্রিকভাৱে এটা খুব ভাল ল’ৰা ৷
ষ্টীভি ৱণ্ডাৰৰ বিষয়ে পঢ়োঁতে মোৰ চকুৰ আগলৈবাৰেবাৰে মোৰ ঘৰৰ কাষৰে সেই ল’ৰাটোৰ মুখখন ভাহি আহিছিল ৷
শাৰীৰিক প্রতিবন্ধকতাৰবাবে লগৰ আন সমনীয়াৰ স’তে খোজ মিলোৱাত ব্যর্থ হৈ যেতিয়া থৰ লাগি ৰৈছিল ষ্টীভি ম’ৰিছৰ মনৰ চিলনীজনী, প্রশংসা আৰু বিশেষ গুৰুত্বৰে তাত প্রথম জোকাৰণি তুলিলে তেওঁৰ শৈশৱৰ স্কুলৰ সেই অসাধাৰণ শিক্ষয়িত্রীগৰাকীয়ে৷ শিক্ষয়িত্রীগৰাকীয়ে ষ্টীভিক আত্মবিশ্বাসৰ এনে দুখন ডেউকা দিলে, যাৰ সহায়ত তেওঁ উৰা মাৰিলে আকাশ জিনিবলৈ৷ ষ্টীভি মৰিছ ষ্টীভি ৱণ্ডাৰলৈ পৰিণত হৈ জীৱন নামৰ গ্রন্থখনত সংযোজিত কৰি গ’ল ইটোৰ পিছত সিটো বর্ণিল অধ্যায় ৷
কোনো শিশু বা কিশোৰ শাৰিৰীকভাৱে বাধাগ্রস্ত হ’লেই তেওঁৰ মনৰ জগতখনে অধিক দ্রুততাৰে বিস্তৃতি লাভ কৰে৷ স্বাভাৱিকতেই হৈ উঠে স্পর্শকাতৰো ৷ তেওঁলোকৰ প্রতি ব্যৱহাৰত আমি এনে ৰূপত সংযত আৰু সচেতন হোৱা উচিত, যাতে কোনো ক্ষেত্রতেই সেই শিশুবা কিশোৰৰ স্বাভিমানী মনটোত আঘাত নালাগে৷ তেওঁলোকৰ সৰু সৰু কামবোৰকে প্রশংসা কৰি আমি জীৱনৰ প্রতি তেওঁলোকক উৎসাহী কৰি তুলিব পাৰোঁ৷ তেওঁলোকক প্রশংসা আৰু উৎসাহ যোগাব পৰা কেইটিমান সাধাৰণ শব্দৰো অভাৱ হয় যাৰ ওচৰত, শাৰীৰিকভাৱে সম্পূর্ণ সুস্থ হ’লেও মনেৰে তেওঁতকৈ দৰিদ্র বা অসুস্থ জানো কোনোবা থাকিব পাৰে এই পৃথিৱীত ?
আপুনি, আমি ইচ্ছা কৰিলেই আমেৰিকাৰ ৰাষ্ট্রপতি হ’ব নোৱাৰোঁ, কিন্তু আমেৰিকাৰ সেই স্কুলখনৰ শিক্ষয়িত্রীগৰাকীৰ দৰে আমি সকলো হ’ব পাৰোঁ৷ আৰু আজিৰ অসুস্থ পৃথিৱীৰ মানুহৰ বাবে দেশৰ ৰাষ্ট্রপতিজনকৈ কোনোগুণে কম গুৰুত্বপূর্ণ নহয় সেই শিক্ষয়িত্রীগৰাকীও৷ আনক উৎসাহিত কৰিব পৰা এটি সুস্থ মনৰ যদি আপুনি গৰাকী হ’ব পাৰে, কেতিয়াবা কোনো কৃতজ্ঞ হূদয়ত কেৱল আপোনাৰ বাবেই বাজি থাকিব পাৰে এটি গীত You are the sunshine of my life !