নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি উকলিব হাগ্রামা মহিলাৰীৰ ৰাজপাট

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ আজি  কার্যকাল উকলিব হাগ্রামা মহিলাৰী নেতৃত্বাধীন বর্তমানৰ বিটিচি চৰকাৰৰ৷ বিগত ১৫ বছৰে বিটিচিত একচ্ছত্রীভাৱে শাসন কৰি অহা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ তৃতীয়টো কার্যকাল উকলাৰ লগে লগে বিটিচিৰ শাসনৰ দায়িত্ব পৰিষদীয় নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত ৰাজ্যপালৰ হাতলৈ নিয়াৰ দাবী কৰিছে বিভিন্ন ৰাজনৈতিক দল–সংগঠনে৷ এই সম্পর্কত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাজ্যপাল প্রফেছৰ জগদীশ মুখী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক তেওঁলোকে সজোৰে দাবী জনাইছে৷

আনকি শাসক দল বিজেপিয়েও এই মুহূর্তত ৰাজ্যপালৰ অধীনলৈ বিটিচিৰ শাসন নিয়াৰ দাবী উত্থাপন কৰিছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে বিজেপিৰ এই স্থিতি স্পষ্ট কৰি দিছে৷ বিটিচিৰ নির্বাচনৰ বাবে যিহেতু ইতিমধ্যে অধিসূচনা জাৰি হৈছে আৰু আচৰণবিধি বলৱৎ হৈ আছে, সেয়ে তেওঁ বর্তমানৰ পৰিষদখনৰ কার্যকাল বৃদ্ধিৰ পোষকতা কৰা নাই৷ আনকি এই সম্পর্কত কালি ৰাজ্যিক বিজেপিৰ এটা প্রতিনিধি দলে ৰাজ্যপাল মুখীৰ লগতে মুখ্যমন্ত্রী সোণোৱালক সাক্ষাৎ কৰি বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ দাবী উত্থাপন কৰে৷ সেইদৰে প্রদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰায়ো বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ অধীনলৈ নিয়াৰ দাবী কৰিছে৷ কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়ায়ো বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ দাবী কৰি এই সম্পর্কত ৰাজ্যপাল আৰু মুখ্যমন্ত্রীক স্মাৰক–পত্র প্রদান কৰিছে৷ বিটিচিৰ সাংবিধানিক মুৰব্বী হিচাপে ২৭ এপ্রিলৰ পাছত পৰিষদখনৰ দায়িত্বভাৰ ৰাজ্যপালক ল’বলৈ তেওঁ আহ্বান জনায়৷

সাংসদ শৰণীয়াৰ মতে, অহা আগষ্ট–ছেপ্ঢেম্বৰৰ পূর্বে বিটিচি নির্বাচন অনুষ্ঠিত হোৱাৰ কোনো আশা নাই৷ কাৰণ আৰু কেইটামান দিন পাছতেই ৰাজ্যখনত বানপানীৰ বতৰ আৰম্ভ হ’ব৷ তদুপৰি ইতিমধ্যে বিটিচি নির্বাচনৰ অধিসূচনাও প্রকাশ পাইছে৷ এনে অৱস্থাত বর্তমানৰ পৰিষদখনৰ কার্যকাল বৃদ্ধি সমীচীন নহ’ব৷ সাংসদ শৰণীয়াই এই মুহূর্তত চৰকাৰক বিটিচিৰ ক্ষেত্রত কোনো ৰাজনৈতিক সিদ্ধান্ত নল’বলৈও আহ্বান জনায়৷ ইউ পি পি এল দলেও বর্তমানৰ বিটিচি পৰিষদৰ কার্যকাল বৃদ্ধি নকৰিবলৈ চৰকাৰক দাবী জনাইছে৷ ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বর্তমানৰ পৰিষদখনৰ কার্যকাল উকলাৰ লগে লগে পৰিষদখনৰ শাসনভাৰ ৰাজ্যপালক নিজৰ অধীনলৈ অনাৰ দাবী জনায়৷ নির্বাচনী অধিসূচনা আৰু আচৰণবিধি বলৱৎ হৈ থকাৰ পৰিপ্রেক্ষিততে বর্তমান পৰিষদৰ কার্যকাল বৃদ্ধিৰ তেওঁ বিৰোধিতা কৰে৷ সেইদৰে এবছু সভাপতি দ্বীপেন বড়োৱে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ দাবী কৰি কয় যে যোৱা ৪ এপ্রিলতেই বিটিচি নির্বাচন অনুষ্ঠিত হ’বলগীয়া আছিল৷ কিন্তু সমগ্র বিশ্বত ভয়াৱহ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণৰ বাবেই নির্বাচন সময়মতে অনুষ্ঠিত নহ’ল৷ এতিয়া বিটিচিত সাংবিধানিক সংকটে দেখা দিছে৷ একাংশই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফক কেয়াৰ টেকাৰ হিচাপে লৈ নির্বাচন অনুষ্ঠিত নোহোৱালৈকে পৰিষদখন চলাব দিব লাগে বুলি চৰকাৰক দাবী জনাইছে৷ কিন্তু নির্বাচিত চৰকাৰৰ কার্যকাল শেষ হোৱাৰ পাছত সেই একেই চৰকাৰক শাসনৰ ক্ষমতা অর্পণ কৰাৰ কোনো যুক্তিযুক্ততা নাই৷

ইতিমধ্যে নির্বাচনৰ বাবে বিভিন্ন প্রার্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু সেই মনোনয়ন পৰীক্ষাও হৈ গৈছে৷ এতিয়া হাগ্রামা মহিলাৰীও এগৰাকী প্রার্থী, গোবিন্দ বসুমতাৰীও প্রার্থী, প্রমোদ বড়োৰ লগতে সকলো প্রার্থী৷ সেয়ে ৰাজ্যপালে বিটিচিৰ শাসনভাৰ নিজৰ অধীনলৈ অনাৰ তেওঁ আহ্বান জনায়৷ এবছুৱে এই সম্পর্কত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাজ্যপাল প্রফেছৰ জগদীশ মুখী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক স্মাৰক–পত্র প্রদান কৰিছে৷ সেইদৰে সদৌ বিটিচি নাথ যোগী ছাত্র সন্থা, সদৌ বিটিচি অনুসূচিত জাতি ছাত্র সন্থা, সদৌ বিটিচি সূত্রধৰ সন্মিলনী, সদৌ অসম বাঙালী যুৱ–ছাত্র ফেডাৰেচন আদি সংগঠনেও বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ অধীনলৈ নিয়াৰ দাবী জনাই কেন্দ্রীয় গৃহমন্ত্রী, ৰাজ্যপাল আৰু মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰিছে৷ ৰাজ্যখনৰ প্রায় প্রতিটো দল–সংগঠনে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ দাবীত সৰৱ হৈ থকাৰ বিপৰীতে মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে শেষমুহূর্তত নতুন পৰিষদ গঠন নোহোৱা পর্যন্ত বর্তমানৰ পৰিষদখনকে বিটিচিৰ শাসনভাৰ চলাই যোৱাৰ বাবে ৰাজ্যপালে অনুমোদন জনাব বুলি আশাত বন্দী হৈ আছে৷

বি পি এফৰ এক সূত্রই জানিবলৈ দিয়া মতে, দলটোৰ তৰফৰ পৰা এই সম্পর্কত মুখ্যমন্ত্রীৰ সৈতে সঘন যোগাযোগ ৰাখি মহিলাৰী নেতৃত্বাধীন পৰিষদক নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত কেয়াৰ টেকাৰ হিচাপে কার্যভাৰ চলাই যোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ তেওঁলোকৰ আশা– ৰাজ্য চৰকাৰৰ মিত্রদল হিচাপে বি পি এফ যিহেতু এতিয়াও চৰকাৰৰ সৈতে আছে, সেয়ে বিটিচিৰ বিষয়টো সম্পর্কত ৰাজনৈতিক দৃষ্টিভংগীৰে চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷

You might also like