নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ ৰাজ্যৰ ভিন্ন প্রান্তকে ধৰি দেশৰ বিভিন্ন ৰাজ্যলৈ অসমৰ পাচলিৰ সৰবৰাহৰ দিশটোক প্রত্যক্ষভাৱে নিৰীক্ষণ কৰি আছে কৃষিমন্ত্রী অতুল বৰাই ৷ সোমবাৰে খানাপাৰাৰ উদ্যান শস্য সঞ্চালকালয় চৌহদৰ পৰা কৃষিমন্ত্রীগৰাকীৰ উপস্থিতিত মণিপুৰলৈ প্রেৰণ কৰা হয় তিনি মেট্রিকটন পাচলি ৷ ইয়াৰ পূর্বেও লকডাউনৰ সময়ছোৱাত ট্রাকযোগে মণিপুৰলৈ প্রেৰণ কৰা হৈছে কেইবাট্রাক পাচলি ৷ মণিপুৰৰ উপৰি অসমত উৎপাদন হোৱা ফল–মূল আৰু পাচলি প্রেৰণ কৰা হৈছে অৰুণাচল প্রদেশ, মেঘালয়, মিজোৰাম, পশ্চিমবংগ, ত্রিপুৰা, ৰাজস্থান, বিহাৰ, উত্তৰ প্রদেশলৈ ৷ এই তথ্য উদ্যান শস্য সঞ্চালকালয়ৰ ৷
তথ্য মতে, বিহাৰলৈ প্রেৰণ কৰা হৈছে শাক–পাচলিৰ উপৰি তেঁতেলী আৰু মাকৈ ৷ আজিলৈকে ৰাজ্যখনত প্রায় ৪০ কোটি টকা মূল্যৰ পাচলি লকডাউনৰ ফলত নষ্ট হোৱাৰ বিপৰীতে ২১০ কোটি টকাৰ পাচলি বিক্রী হৈছে ৷ ইয়াৰে ১১৩ কোটি টকাৰ পাচলি ৰাজ্যখনৰ ভিতৰত বিক্রী হোৱাৰ বিপৰীতে ৯৭ কোটি টকা মূল্যৰ পাচলি প্রেৰণ কৰা হৈছে বহিঃৰাজ্যলৈ ৷ বিভাগীয় তথ্য অনুসৰি জিলাৰ ভিতৰত আৰু এখন জিলাৰ পৰা আন জিলালৈ লকডাউনৰ সময়ছোৱাত সৰবৰাহ হোৱা পাচলিৰ পৰিমাণ ৪০ হাজাৰ মেট্রিকটনতকৈও অধিক ৷ এতিয়া যিসকল কৃষকৰ পথাৰত বিপণনযোগ্য পাচলি সাজু হৈ আছে, সেইসকল কৃষকক শীঘ্রে জিলাৰ উপায়ুক্ত বা জিলা উন্নয়ন আয়ুক্ত বা জিলা কৃষি বিষয়াৰ সৈতে নাইবা কৃষি সঞ্চালকালয়ত থকা নিয়ন্ত্রণ কক্ষৰ টেলিফোন নম্বৰ ০৩৬১–২৩৩২২১৫ত যোগাযোগ কৰিবলৈ বিভাগীয়ভাৱে অনুৰোধ জনোৱা হৈছে ৷