বিভীষিকা আঁতৰা নাই
মাৰাত্মক ক’ভিড–১৯ক লৈ সমগ্র বিশ্ব কম্পিত হৈছে৷ ভয়াৱহ মহামাৰীয়ে বিগত প্রায় ডেৰ মাহ ধৰি অচল কৰি তুলিছে জনজীৱন৷ অভূতপূর্ব এনে আকস্মিক দুর্যোগৰ পৰা বিশ্ববাসী কেতিয়া মুক্ত হ’ব তাৰ কোনো ঠিকনা নাই৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ সমগ্র বিশ্বই সর্বশক্তি প্রয়োগ কৰিছে যদিও এই মহামাৰী প্রতিৰোধ কৰাৰ ক্ষেত্রত কোনো আশাৰ বতৰা এতিয়ালৈ অহা নাই৷ কালান্তক মহামাৰীয়ে আমেৰিকা, ইটালী, স্পেইন, ফ্রান্স, ব্রিটেইনকে ধৰি সমগ্র বিশ্বকে ছানি ধৰিছে৷ বিশ্বৰ উন্নত দেশসমূহেও মহামাৰীৰ প্রকোপত ত্রাহি মধুসূদন সুঁৱৰিব লগা হৈছে৷ আমেৰিকাৰ দৰে মহাশক্তিমান দেশত ক’ৰোনাত আক্রান্ত হৈছে প্রায় ১০ লাখ লোক৷ ইয়াৰে ৫৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে৷ মৃত্যুৰ হাৰ এইদৰে অব্যাহত থাকিলে আমেৰিকাত অহা দুসপ্তাহৰ ভিতৰত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা লক্ষাধিক হোৱাৰ আশংকা ঘনীভূত হৈছে৷ ব্রিটেইন, ইটালী, ফ্রান্স, ৰাছিয়া আদিৰ দৰে দেশসমূহতো ক’ৰোনাৰ বিভীষিকা নিয়ন্ত্রণৰ কোনো লক্ষণ এতিয়ালৈ পৰিলক্ষিত হোৱা নাই৷ মাৰাত্মক মহামাৰীৰ পৰা আমাৰ দেশো মুক্ত হ’ব পৰা নাই৷ বিগত মাহৰ ভিতৰত আমাৰ দেশত ২৭ হাজাৰৰো অধিক লোক এই মহাব্যাধিত আক্রান্ত হৈছে আৰু ইয়াৰে মৃত্যু হৈছে প্রায় ৯০০ লোকৰ৷ মহাৰাষ্ট্র, ৰাজস্থান, গুজৰাট, দিল্লী, তামিলনাডু, কর্ণাটক আদি ৰাজ্যত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰা লকডাউনৰ দৰে কঠিন সিদ্ধান্তৰ বাবে ভয়ানক বিভীষিকাৰ পৰা দেশখনে ৰক্ষা পালেও এতিয়ালৈ নিৰাপদ হোৱাৰ জোখাৰে পৰিস্থিতি উন্নত হোৱা নাই৷ বিশেষকৈ দেশৰ বাণিজ্যিক মহানগৰীৰূপে পৰিচিত মুম্বাই তথা মহাৰাষ্ট্রত ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ নহ’লে দেশখনে স্বাভাৱিক অৱস্থা ঘূৰাই পাব বুলি আশা কৰিব নোৱাৰি৷ ভয়াৱহ ক’ৰোনাৰ কবলৰ পৰা অসমে শেহতীয়াকৈ মুক্ত হোৱাৰ আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে৷ অসমত যি ৩৫গৰাকী লোকৰ দেহত মাৰাত্মক বীজাণুৱে থিতাপি লৈছিল তাৰ ভিতৰত ২৭জনেই ইতিমধ্যে সুস্থ হৈছে৷ এজন লোকৰ মৃত্যু হৈছে৷ বাকী সাতজন এতিয়াও চিকিৎসাধীন হৈ থাকিলেও ইয়াৰে অধিকাংশই শীঘ্রে আৰোগ্য লাভ কৰাৰ সম্ভাৱনা আছে৷ অসমত মাৰাত্মক ভাইৰাছবিধৰ প্রতিৰোধৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত যিদৰে ব্যৱস্থাৱলী গ্রহণ কৰা হৈছে সেয়া সমগ্র দেশতে প্রশংসিত হৈছে৷ স্বাস্থ্যমন্ত্রী তথা স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপত অসমৰ প্রায় চাৰে তিনি কোটি জনগণ আশ্বস্ত হৈছে ৷
ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত অসমে সফলতাৰ বাটত খোজ দিলেও ৰাজ্যখনলৈ স্বাভাৱিক জীৱন যাত্রা শীঘ্রে ঘূৰি আহিব বুলি আশা কৰিব নোৱাৰি৷ সমগ্র বিশ্বৰ লগতে দেশজুৰি ক’ৰোনাৰ আতংকৰ পৰা অসমেও সহজে মুক্তি লাভ কৰিব নোৱাৰে৷ বিগত এমাহৰো অধিক সময় লকডাউনত থকা সমগ্র দেশৰ লগতে অসমবাসীৰো যথেষ্ট ক্ষতি হৈছে৷ এই ক্ষতি কিমান হ’ব সেয়া কেতিয়াও তুলনা নহয়৷ কিন্তু আমেৰিকাৰ দৰে মহাপ্রতাপী দেশেই যেতিয়া ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত ব্যর্থ হৈছে, তেনে অৱস্থাত অসমবাসীৰ লগতে দেশবাসীও আৰু অধিক সজাগ–সচেতন হ’বই লাগিব৷ আমেৰিকাৰ মুঠ জনসংখ্যাৰ চাৰিগুণৰো অধিক লোক আছে ভাৰতবর্ষত৷ যদিহে এই মাৰাত্মক বীজাণুৱে সামাজিক সংক্রমণৰ সুবিধা লাভ কৰে, তেন্তে আমাৰ দেশত কি বিভীষিকাৰ সৃষ্টি হ’ব সেয়া কল্পনা কৰিব নোৱাৰি৷ এনে অৱস্থাত দ্বিতীয় পর্যায়ৰ লকডাউন অহা ৩ মে’ত শেষ হ’লেও সামাজিক দূৰত্ব বর্তাই ৰখাৰ ক্ষেত্রত কেতবোৰ কঠোৰ নীতি–নির্দেশনা বাহাল থাকিবই লাগিব৷ লকডাউনৰ মাজতে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক ঘূৰাই অনাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ ৰাজ্যখনৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলকো নিজ নিজ গৃহলৈ ঘূৰাই পঠিওৱাৰ বাবে ৰাজ্য চৰকাৰে এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰে এইক্ষেত্রত মানৱীয় দৃষ্টিভংগীৰে গ্রহণ কৰা ঐকান্তিকতা নিশ্চিতভাৱে আদৰণীয়৷ কিন্তু ৰাজ্যখনৰ বিভিন্ন অঞ্চল আৰু বহিঃৰাজ্যৰ পৰা ঘূৰি অহা লোকসকলৰ জৰিয়তে যাতে মাৰাত্মক বীজাণুৱে যাতে অসমত দ্বিতীয়বাৰৰ বাবে বিভীষিকাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব৷ এইক্ষেত্রত সংশ্লিষ্ট লোকসকলে প্রয়োজনীয় সঁহাৰি আগবঢ়াব লাগিব৷ ৰাইজৰ সহায়–সহযোগ অবিহনে কোনো প্রকাৰে এই মহাব্যাধিৰ পৰা চৰকাৰে উদ্ধাৰ কৰিব নোৱাৰে৷ অসমত ক’ৰোনা ভাইৰাছৰ মূল উৎস যে দিল্লীৰ নিজামুদ্দিন মার্কাজৰ তবলিগী জামাত আছিল সেয়া স্পষ্ট৷ নিজামুদ্দিন ফেৰত বহুসংখ্যক লোকে এতিয়াও স্বাস্থ্য বিভাগৰ ওচৰত ধৰা দিয়াৰ বিপৰীতে আত্মগোপন কৰি আছে৷ অৱশ্যে নিজামুদ্দিন ফেৰতক লৈ যি গভীৰ আতংকৰ সৃষ্টি হৈছিল সেয়া এতিয়া দিন বাগৰাৰ লগে লগে বহু পৰিমাণে কমিবলৈ লৈছে৷ নতুনকৈ অসমত প্রৱেশ কৰা লোকসকলক লৈ ৰাজ্যখনে যাতে আকৌ বিপদৰ সন্মুখীন নহয় তাৰ বাবে সংশ্লিষ্ট প্রতিজন লোকে সহযোগিতা আগবঢ়োৱা উচিত ৷