নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক–সংবাদকৰ্মীক খাদ্য সামগ্রী বিতৰণ

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ পূব গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত আজিৰ পৰা সপ্তাহজোৰা কার্যসূচীৰে আৰম্ভ হৈছে সাংবাদিক আৰু সংবাদকর্মীক সাহায্য বিতৰণ কার্যসূচী৷ মহানগৰীত কর্মৰত অর্ধশতাধিক সাংবাদিক–সংবাদকর্ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ টোপোলা বিতৰণ কৰা হয়৷ পূব গুৱাহাটী প্রেছ ক্লাবক এই খাদ্য সামগ্রীৰ টোপোলাসমূহ যোগান ধৰে নাৰেংগীৰ হূদয়ৱান ব্যক্তি দিলীপ টাৰো, নুনমাটিৰ নৰেন ৰয় আৰু বিশ্ব হিন্দু পৰিষদৰ নেতৃবর্গই৷ সাংবাদিক–সংবাদকর্ প্রদান কৰা খাদ্য সামগ্রীৰ ভিতৰত আছিল চাউল, দাইল, আলু, মিঠাতেল, চয়াবিন, নিমখ আদি৷ ইয়াৰ পৰৱর্তী পর্যায়ত বাতৰিকাকতৰ বিতৰকক সাহায্য প্রদান কৰিব বুলি জানিবলৈ দিছে পূব গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি চামচুল ৰহমান আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাই৷

You might also like