ৰেপিড টেষ্ট কিট ওভতাই পঠিওৱাক লৈ ‘গভীৰভাৱে উদ্বিগ্ন’ চীন
আইচিএমআৰৰ সিদ্ধান্তত বেইজিঙৰ তীব্র প্রতিক্রিয়া
নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ চীনে প্রেৰিত ক’ভিড–১৯ ৰেপিড টেষ্ট কিট ভাৰতে ব্যৱহাৰ নকৰাকৈ ওভতাই পঠোৱাৰ সিদ্ধান্তক লৈ গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে বেইজিঙে ৷ চীনৰ দুটা কোম্পানীয়ে ভাৰতলৈ প্রেৰণ কৰা ক’ভিড–১৯ ৰেপিড টেষ্ট কিটৰ মানক লৈ সন্দেহ প্রকাশ কৰি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চে (আই চি এম আৰ) ব্যৱহাৰ নকৰা সিদ্ধান্তত উদ্বিগ্নতা প্রকাশ কৰা বেইজিঙে মঙলবাৰে নতুন দিল্লীত এই বিষয়টো যুক্তিগত আৰু সঠিকভাৱে সমাধান কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে চীনৰ কোম্পানী গোৱাংঝু ৱণ্ডফ’ বায়’টেক আৰু ঝুহাই লিভজন ডায়েগনেষ্টিক নামৰ কোম্পানী দুটাই ভাৰতক যোগান ধৰা ক’ভিড–১৯ ৰেপিড টেষ্ট কিট ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক ব্যৱহাৰ বন্ধ কৰিবলৈ নির্দেশ দিছিল৷ এই সিদ্ধান্তৰ পাছতে দেশত চীনৰ পৰা প্রেৰিত কিট ব্যৱহাৰ বন্ধ হোৱাত আই চি এম আৰৰ সিদ্ধান্তক লৈ উদ্বিগ্নতা প্রকাশ কৰি চীন ৰাষ্ট্রদূতৰ মুখপাত্র জি ৰঙে কয়– আই চি এম আৰৰ সিদ্ধান্ত আৰু ফলাফলক লৈ চীন গভীৰভাৱে উদ্বিগ্ন ৷ চীনে চিকিৎসা সামগ্রী ৰপ্তানিৰ ক্ষেত্রত মানক অধিক গুৰুত্ব দি আহিছে৷ তদুপৰি মুখপাত্রগৰাকীয়ে আন এক বিবৃতিত কয় যে চীনৰ সামগ্রী মানহীন বুলি কোনো ব্যক্তিয়ে মন্তব্য কৰাটো অযুক্তিকৰ আৰু দায়বদ্ধহীন হ’ব ৷ এয়া অন্যায়মূলক দৃষ্টিভংগীৰে চোৱা হ’ব৷ কোন ব্যক্তিয়ে এই চীনা সামগ্রী মানহীন বুলি মন্তব্য কৰিছে, সেই সন্দর্ভত অৱশ্যে মুখপাত্রগৰাকীয়ে স্পষ্টকৈ উল্লেখ নকৰিলে৷ মন কৰিবলগীয়া যে মুখপাত্রগৰাকীয়ে ভাৰতৰ ক’ভিড–১৯ৰ যুঁজত চীনে সদায়েই সমর্থন কৰি যাব বুলি কয় ৷