নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ লকডাউনৰ মাজতে মহাৰাষ্ট্রৰ পালঘৰত দুই সাধুসহ তিনি ব্যক্তিক গণপ্রহাৰেৰে হত্যা কৰা ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই উত্তৰ প্রদেশৰ বুলণ্ডচৰত দুই সাধুক নৃশংসভাৱে হত্যা কৰা হৈছে । ৰাজ্যখনৰ বুলণ্ডচৰৰ পাগ’না গাঁৱৰ শিৱ মন্দিৰ এটাত মঙলবাৰে পুৱা দুই সাধুৰ ৰক্তাক্ত মৃতদেহ গাঁওবাসীয়ে প্রত্যক্ষ কৰাৰ পাছতে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে ৷ মঙলবাৰে পুৱা দুই সাধুৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত গাঁওবাসীয়ে প্রত্যক্ষ কৰি স্থানীয় আৰক্ষী থানাত খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে ৷ বুলন্দশ্বহৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ সিঙে প্রকাশ কৰা মতে, সোমবাৰে নিশা শিৱ মন্দিৰটোত দুই সাধুক চোকা তৰোৱালেৰে হত্যা কৰা হৈছিল ৷ এই ঘটনা সন্দর্ভত আৰক্ষীয়ে এজন লোকক গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে ৷ দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰা দুই সাধুৰ এই নৃশংস হত্যাকাণ্ডৰ বিতং প্রতিবেদন আৰক্ষীৰ পৰা বিচাৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ৷
তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে ঘটনাৰ জিলা পর্যায়ৰ তদন্তৰ নির্দেশ দিছে৷ নৃশংস হত্যাৰ বলি হোৱা সাধু দুজনক সাধু জগনদাস (৫৫) আৰু সেৱদাস (৩৫) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ বিগত দহ বছৰ ধৰি পাগ’না গাঁৱৰ শিৱ মন্দিৰত সাধু দুজনে বাস কৰি আহিছে৷ ঘটনাৰ তথ্য প্রকাশ কৰা মতে, মন্দিৰত থকা দুই সাধুৰ ওচৰলৈ সঘনে মুৰাই ওৰফে ৰাজু নামৰ এজন লোক আহিছিল৷ এই লোকজন গাঞ্জা–ভাঙত আসক্ত৷ ঘটনাৰ দিনাও উক্ত মুৰাই নামৰ লোকজন আহিছিল ৷ সাধু দুজনৰ সৈতে তর্ক কৰি এজন সাধুৰ ‘চিমতা’ডাল কাঢ়ি নিছিল আৰু পিছলৈ নিশা শুই থকা অৱস্থাত সাধু দুজনক এই মুৰাই নামৰ লোকজনে তৰোৱালেৰে হত্যা কৰিছিল৷ হত্যাকাৰীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ আনিছিল বুলিও প্রকাশ পাইছে৷ এই নৃশংস হত্যাকাণ্ডত জড়িত এজন লোকক গ্রেপ্তাৰ কৰি তদন্ত আগবঢ়াই নিছে আৰক্ষীয়ে৷ আনহাতে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ সৈতে টেলিফোনত বার্তালাপ কৰি মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰে ঘটনা সন্দর্ভত আলোচনা কৰাৰ অন্তত দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে৷ মন কৰিবলগীয়া যে বুলন্দশ্বহৰৰ সাধু হত্যাৰ ঘটনাক সাম্প্রদায়িক, ধার্মিক আৰু ৰাজনৈতিৰ দৃষ্টিভংগীৰে নল’বলৈ আহ্বান জনাইছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে৷ সাধুক হত্যা কৰাটো গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে দোষীক শাস্তি বিহিবলৈ মুখ্যমন্ত্রীক আহ্বান জনাইছে৷ ইপিনে, কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী আৰু এন চি পি নেতা সঞ্জয় ৰাউটে বুলন্দশ্বহৰৰ ঘটনাটোক সাম্প্রদায়িক দৃষ্টিভংগীৰে লৈ ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনাই দোষীক শাস্তি বিহিবলৈ দাবী জনাইছে ৷