নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ মিটছি ৰেডিঅ’ৰ আৰ জে গৌৰৱ নামৰ এজন লোকে জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানৰ কীর্তনঘৰ লাইখুঁটা ইছলাম ধর্মাৱলম্বী চান্দসাই প্রতিষ্ঠা কৰিছিল বুলি যি অদ্ভুত ধৰণৰ কথাৰে বিভ্রান্তিমূলক অপপ্রচাৰ কৰিছে, সেয়া সম্পূর্ণ মনেসজা আৰু ভিত্তিহীন ৷ জগতগুৰু শ্রীমন্ত শংকৰে ১৯ বছৰ বয়সত চিহ্ণযাত্রা ভাওনাৰে অসমীয়া নাট্য সাহিত্যৰ পাতনি মেলাৰ ঠিক পাছত কুসুম্বৰৰ সৰিয়হতলীৰ ভেটিত বিশ্বৰ প্রথম নামঘৰ প্রতিষ্ঠা কৰি তাতে গোপী উদ্ধৱ সংবাদ পুথিখন থাপনা কৰি মহেন্দ্র কন্দলী প্রমুখ্যে গুৰুসকলক শৰণ কার্যত দীক্ষিত কৰাইছিল৷ এয়াই আছিল ভকতৰ কল্পতৰু পৰম গুৰু শ্রীমন্ত শংকৰৰ জন্মস্থান বটদ্রৱা থানৰ কীর্তনঘৰৰ ইতিহাস৷ আনহাতে, গুৰুজনাই জন্মভিঠা বটদ্রৱাত ৬৭ বছৰ কাল অতিবাহিত কৰাৰ অন্তত অসমৰ বিভিন্ন ঠাই পৰিভ্রমণ কৰি পাটবাউসীত নিগাজিকৈ থাকে৷ আৰু তাৰ পৰা কোচৰজা নৰনাৰায়ণৰ সংস্পর্শলৈ আহি চান্দসাইক লগ পায় ৷ এনে প্রেক্ষাপটত মনেসজা কাল্পনিক কথাৰে মিথ্যাচাৰৰ আশ্রয় লৈ ভিডি’ প্রস্তুত কৰি আৰ জে গৌৰৱে সস্তীয়া জনপ্রিয়তাৰ পাছত দৌৰি এটা বিশেষ ধর্মগোষ্ঠীক হেয় কৰিব বিচৰা যেন অনুমান হৈছে৷ গতিকে এনে ধৰণৰ মনেসজা তথা ভিত্তিহীন প্রচাৰৰ পৰা বিৰত থাকিবলৈ মিটছি ৰেডি’ৰ লগত জডিত সকলোকে আহ্বান জনাই সকীয়নি দিছে শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিয়ে৷ বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই বিবৃতিত উল্লেখ কৰে যে এনে বিভ্রান্তিজনক অপপ্রচাৰৰ পৰা বিৰত নাথাকিলে আৰ জে গৌৰৱৰ বিৰুদ্ধে বটদ্রৱা থান পৰিচালনা সমিতি অধিক কঠোৰ হ’বলৈও বাধ্য থাকিব ৷