ক’ভিড–১৯ পৰাজিত হ’বই
তলাবন্ধ কোঠা এটাৰ শ্বাসৰুদ্ধকৰ পৰিৱেশত যেন বন্দী হৈ পৰিছে পৃথিৱীখন ৷ ভিতৰত কোটি কোটি অসহায় মানুহ ৷ বাহিৰত মৃত্যুৰ কিৰীলি ৷ আক্রান্ত মানুহৰ হুমুনিয়াহ–বেদনাৰে ভাৰাক্রান্ত চৌদিশ ৷ সঁচা অর্থত এতিয়া পৃথিৱীৰ অসুখ৷ মহামাৰীৰ কবলত মানৱ সভ্যতা ৷ এই সময়ছোৱাত দেশে দেশে প্রার্থনাৰ বাবে উঠা অগণিত হাতৰ মাথোঁ এটাই আকুলতাঃ ‘নৰীয়াৰ পৰা মুক্ত হওক ধৰণীখন ৷ আকৌ চঞ্চল হৈ ডঠক মানৱৰ পুণ্যভূমি এই ধৰা ৷ পৃথিৱীৰ পৰা চিৰকাললৈ নাইকিয়া হৈ পৰক ক’ভিড–১৯ ৷’ পথবোৰ মানুহৰ স্বাভাৱিক ছন্দেৰে উজলি উঠক ৷ বেহা–বাণিজ্য, শিল্প–সংস্কৃতি, খেতিপথাৰ, নদী–সাগৰ, আকাশ–র্প্বত সকলোৱে ওভতাই পাওক হেৰুওৱা ছন্দ ৷ মানুহৰ এই আকুল প্রার্থনাক সার্থক কৰিব লাগিব মানুহেই ৷ সেয়ে যেতিয়া পৃথিৱীৰ কোনো দেশত ক’ভিড–১৯ক পৰাভূত কৰিব পৰাকৈ দৰৱ নাইবা প্রতিষেধকৰ খবৰ ওলায়, অসহায় জনগণৰ চকু আশাৰে উজলি উঠে ৷ সকলোৱে যেন চিঞৰি চিঞৰি ক’ব খোজে, সুদিনলৈ আৰু বেছি দিন নাই ৷ তেনে এটা আশাৰ বাতৰি কঢ়িয়াই আনিছে চণ্ডীগড়ৰ এটা চিকিৎসা প্রতিষ্ঠানে ৷ পি জি আই এম ই আঁৰত আৰম্ভ হৈছে ক’ভিড–১৯ চিকিৎসাৰ এটা নতুন প্রয়াস ৷ প্রতিষ্ঠানটোৱে ভাইৰাছিবধত আক্রান্তৰ চিকিৎসার্থে ছেপছিভেক ভেকচিনটো ৱহাৰ কৰ্বিলৈ আৰম্ভ কৰিছে ৷ অৱশ্যে ইয়াৰ ফলাফলৰ বাবে তিনিমাহমান অপেক্ষা কৰিব লাগিব ৷ তথাপি আশা, পৃথিৱীৰ এই দুর্দিনত ভেকচিনটোৱে মানুহক সংকটৰ পৰা মুক্ত কৰিব ৷ দুর্যোগৰ পৰা মুক্ত হ’ল মানৱ সভ্যতা ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে অহা ৪ মে’ৰ পৰা অর্থাৎ দ্বিতীয় পর্যায়ৰ লকডাউন উকলা দিনটোৰ পৰা ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ কিদৰে চিকিৎসা কৰা হ’ব, সেই সন্দর্ভত কেন্দ্রীয় গৃহ মন্ত্রালয়ে শীঘ্রেই নতুন নির্দেশাৱলী প্রকাশ কৰিব ৷ তাৰে আগমুহূর্তত কভিড–১৯ ৰোগীৰ বাবে চণ্ডীগড়ৰ চিকিৎসা প্রতিষ্ঠানটোক ছেপছিভেক ব্যৱহাৰ কৰিবলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে অনুমতি প্রদান কৰাটো তাৎপর্যপূর্ণ ৷ সম্ভৱতঃ উপসর্গভিত্তিক চিকিৎসাত ভেকচিনিবধৰ কার্যকাৰিতা যথেষ্ট গ্রহণযোগ্য ৷ আচলতে, গ্রাম নিগেটিভ ছেপছিছ আৰু ক’ভিড–১৯ৰ উপসর্গ প্রায় একে ধৰণৰ ৷ দুয়োটা ৰোগত আক্রান্তৰ ক্ষেত্রত কোষৰ অভ্যন্তৰত থকা চাইটোকাইন প্রটিন অতি সক্রিয় হৈ ডঠে৷ ফলত ৰোগীৰ দেহত ৰোগ প্রতিৰোধৰ ভাৰসাম্য নষ্ট হয় ৷ এই কথাটোলৈ লক্ষ্য ৰাখি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ভেকচিনিবধ ৱহাৰৰ অনুমতি প্রদান কৰিছে ৷ লক্ষণীয় কথাটো হ’ল, সময়ৰ সৈতে স্বৰূপ সলনি কৰা ক’ভিড–১৯ৰ চিকিৎসাৰ ক্ষেত্রতো কার্যকৰী হ’ব পাৰে ভেকচিনিবধ ৷ অর্থাৎ যিসকল ৰোগীৰ দেহত ভাইৰাছিবধৰ উপসর্গ পৰিলক্ষিত নহয়, সেই ৰোগীকো ভেকচিনিবধৰ জৰিয়তে চিকিৎসা কৰি পৰৱর্তীত যাতে উপসর্গসমূহ ফুটি নুঠে, সেই দিহাও কৰিব পৰা যায় ৷
সন্দেহ নাই, ভেকচিনবিধ ক’ভিড–১৯ৰ উপসর্গক লক্ষ্য কৰি ব্যৱহাৰৰ বাবে অনা হৈছে ৷ ইয়াৰ মূল উদ্দেশ্যটো হৈছে ভাইৰাছিবধত আক্রান্তৰ মৃত্যুৰ হাৰ হ্রাস কৰা ৷ অর্থাৎ ভেকচিনিবধে এশ শতাংশ কাম নিদিলে, ক’ভিড–১৯ৰ প্রকৃত প্রতিষেধকৰ বাবে পৃথিৱীবাসীয়ে আৰু বহুদিন অপেক্ষা কৰিব লাগিব ৷ এইক্ষেত্রত অক্সফ’ৰ্ড বিশ্ববিদ্যালয় শীর্ষত আছে ৷ বিশ্ববিদ্যালয়ৰ গৱেষক–চিকিৎসকে উলিওৱা প্রতিষেধকে ভাইৰাছিবধক পৰাজিত কৰিব লাগিব বুলি আশা কৰা হৈছে ৷ ইয়াৰ ব্যতিৰেকে পৃথিৱীৰ কেইবাটাও অগ্রণী প্রতিষ্ঠানে ক’ভিড–১৯ৰ দৰব উলিয়াবলৈ নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে ৷ তাৰে মাজতে প্লাজমা পদ্ধতিৰেও ঠায়ে ঠায়ে সীমিত পৰিসৰত সুফল পোৱা গৈছে ৷ ভাৰতৰ দিল্লীত এটা চিকিৎসা প্রতিষ্ঠানে প্লাজমা পদ্ধতি ৱহাৰ কৰি মৃত্যুমুখী ৰোগীক সুস্থ কৰি তোলা বুলি বাতৰি ওলাইছে ৷ যেতিয়ালৈকে ভাইৰাছিবধক সম্পূর্ণৰূপে পৰাজিত কৰিব নোৱাৰি, তেতিয়ালৈকে ছেপছিভেক, প্লাজমাৰ দৰে ব্যৱস্থাৰে যুঁজ দি থাকিব লাগিব ৷ সভ্যতাক চাবলৈ হ’লে, জিকাৰ মানসিকতাৰে পৃথিৱীবাসী আগবাঢ়িব লাগিব ৷ এদিন নহয় এদিন ক’ভিড–১৯ পৰাজিত হ’বই ৷ হ’বই লাগিব ৷ তেতিয়ালৈকে আমি সকলোৱে নিৰন্তৰে যুঁজ দি যাম ৷