সম্পাদকীয় : আসন্ন বিপদ এল নিনো
জলবায়ু পৰিৱর্তনৰ মেৰপাকত পৰি দিশহাৰা হোৱা বিশ্ববাসীৰ সন্মুখত নিত্য নতুন প্রত্যাহ্বানে মূৰ দাঙি উঠিছে৷ ভৱিষ্যতৰ কথা নভবাকৈ কেৱল লাহ–বিলাসৰ বাবেই কৰি যোৱা দুষ্কার্যৰ বিষম পৰিণতি হ’ল উৎকট জলবায়ু পৰিৱর্তন৷ গ্রীষ্মৰ সময়ত প্রচণ্ড গৰম, বাৰিষাৰ সময়ত অনাবৃষ্টি বা অল্পবৃষ্টিৰ লেখীয়া অভাৱনীয় আৰু অসহনীয় জলবায়ু পৰিৱর্তনে আমাক অহৰহ ভোগাইছে৷ অতি সম্প্রতি এল নিনোৰ প্রভাৱ সন্নিকট – ইয়াৰ ফলত এইবাৰ তীব্র খৰাঙে দেই–পুৰি নিব – চলিত মাহ হ’ব সর্বাধিক উষ্ণ, বাৰিষা অস্বাভাৱিকভাৱে বৰষুণৰ পৰিমাণ হ্রাস পাব৷ এইখিনিতে এল নিনো সম্পর্কে আলচ কৰাৰ থল আছে৷ প্রশান্ত মহাসাগৰৰ মধ্য আৰু পূব অংশত সমুদ্রপৃষ্ঠৰ তাপমাত্রা অভাৱনীয় ৰূপে বৃদ্ধি পোৱা পৰিঘটনাটোৱেই এল নিনো৷ সাধাৰণতে প্রতি ২–৭ বছৰত এনে প্রাকৃতিক সংঘটন পৰিলক্ষিত হয়৷ ফলত বতাহৰ প্রৱাহ আৰু বৰষুণৰ ধাৰাৰ লক্ষণীয় পৰিৱর্তন হোৱা দেখা যায়৷ পৃথিৱীৰ সর্বত্র এল নিনোৱে প্রভাৱ পেলোৱাৰ সমান্তৰালকৈ ভাৰতৰ ক্ষেত্রত ই দক্ষিণ–পশ্চিম মৌচুমী বতাহক দুর্বল কৰে৷ ইয়াৰ স্বাভাৱিক পৰিণতিস্বৰূপে বৰষুণৰ পৰিমাণ হ্রাস পায়৷ গতিকে নিশ্চিতভাৱে দেশৰ লগতে অসমতো ইয়াৰ বিৰূপ প্রভাৱ পৰিব৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননী অনুসৰি দেশৰ কৃষিখণ্ড চৰম প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ নিশ্চিতভাৱে হ্রাস পাব কৃষিজাত সামগ্রীৰ উৎপাদন৷ ২০২৬ বর্ষটোত স্বাভাৱিকতকৈ কম (৯০ শতাংশ) বৰষুণৰ আগজাননী দিয়া হৈছে৷ সাম্প্রতিক বর্ষবোৰৰ ভিতৰত ই সর্বনিম্ন৷ কেন্দ্রীয়, উত্তৰ–পশ্চিম আৰু মৌচুমী মণ্ডলৰ বাহিৰে দেশত সামগ্রিকভাৱে খৰাং, গ্রীষ্মপ্রৱাহ আৰু অনিয়মীয়া বৰষুণৰ আশংকা বিদ্যমান৷ ফলত কৃষিখণ্ড বাৰুকৈয়ে প্রভাৱিত হ’ব৷ কৃষি সংকটৰ বাবে দেশত খাদ্য–শস্যৰ নাটনিয়ে দেখা দিয়াৰ আশংকা প্রবল৷ খাৰিফ শস্য (ধান, মাকৈ, দাইল আদি) প্রভূতভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে৷ ভাৰতৰ দৰে কৃষিপ্রধান দেশত খেতিয়কসকল মূলতঃ বৰষুণৰ ওপৰত নির্ভৰশীল৷ সেয়ে অধিক ক্ষতিৰ সন্মুখীন হোৱাটো নিশ্চিত৷ সেই অনুসৰি খাদ্য নিৰাপত্তা হ্রাস পোৱাৰ লগতে দাম বৃদ্ধি অত্যধিক লক্ষণীয় হোৱাৰ আশংকা পৰিলক্ষিত হৈছে৷ গ্রাম্য অর্থনীতিক এল নিনোৱে বাৰুকৈয়ে জোকাৰি যাব৷ ইতিমধ্যে প্রচণ্ড গ্রীষ্মপ্রৱাহে দহি নিয়া অঞ্চলবোৰৰ বাসিন্দাসকলক এল নিনোৱে শান্তিত থাকিবলৈ নিদিব৷ পৰিস্থিতি অসহনীয় হৈ পৰিব৷ শস্য হ্রাস পালে বস্তুৰ দাম বাঢ়িবই৷ আর্থিকভাৱে অধিক জুৰুলা হ’ব মধ্যবিত্ত শ্রেণী৷ জল সংকটৰ ফলত খেতিপথাৰত জলসিঞ্চন পর্যাপ্ত নহ’ব৷ জলাশয়বোৰত পানীৰ পৰিমাণ কমিব৷ কেৱল এয়াই নহয়, এল নিনোৰ ফলত পৃথিৱীৰ বহু ঠাইত অস্বাভাৱিক গৰম, বনজুুই, ঘূর্ণি বতাহ আৰু বানৰ নিচিনা প্রাকৃতিক দুর্যোগ বৃদ্ধি পাব৷
বতৰ বিজ্ঞান কেন্দ্রই দিয়া আগজাননীক সকীয়নি ৰূপে লৈ ইয়াক কেৱল প্রাকৃতিক পৰিঘটনা ৰূপে গণ্য নকৰি সম্ভাব্য ক্ষতিৰ মোকাবিলাৰ বাবে পূর্বপ্রস্তুতি গ্রহণ কৰাটো অত্যন্ত জৰুৰী৷ অসমৰ শালি খেতি ঘাইকৈ বৰষুণৰ ওপৰত নির্ভৰশীল৷ বৰষুণ কমিলে ই প্রত্যক্ষভাৱে ক্ষতিৰ সন্মুখীন হ’ব৷ বৰষুণ নহ’লে গৰম বঢ়াটো নিশ্চিত৷ বিদ্যুতৰ ব্যয় বঢ়াৰ বিপৰীতে খোৱাপানীৰ নাটনি হ’ব৷ ইয়াৰ বিপৰীত দিশো আছে৷ স্পেনিছ ভাষাত ‘এল নিনো’ মানে ‘সৰু ল’ৰাটি’ –ই যীশুখ্রীষ্টক বুজায়, কাৰণ বৰদিনৰ সময়ত ইয়াৰ প্রভাৱ অধিক পৰিলক্ষিত হয়৷ এল নিনোৰ পিছতেই আহে ‘লা নিনা’–সৰু ছোৱালীজনী৷ সেই সময়ত প্রশান্ত মহাসাগৰৰ পানী অধিক ঠাণ্ডা হয় আৰু আমাৰ দেশত বৰষুণ বৃদ্ধি পায়৷ সম্প্রতি এই বিশাল জলভাণ্ডাৰৰ পানীৰ উষ্ণতা বৃদ্ধিৰ ফলত ই পুনৰ পৃথিৱীৰ জলবায়ুৰ ভাৰসাম্য নষ্ট কৰিবলৈ ওলাইছে৷ সাম্প্রতিক প্রতিবেদনত প্রকাশ যে জুলাইৰ ভিতৰত এল নিনোৰ প্রভাৱ দৃশ্যমান হ’ব আৰু এই সম্ভাৱনা ৮২ শতাংশৰো অধিক৷ ই শীতকাললৈ (২০২৬–২৭) অব্যাহত থাকিব৷ ‘ছুপাৰ এল নিনো’ৱে এইবাৰ তাপমাত্রাৰ অভিলেখ গঢ়ি বিশ্ববাসীক এসেকা দিব৷ ইয়াৰ মোকাবিলা কৰিবলৈ প্রস্তুত হৈ থকাৰ গত্যন্তৰ নাই৷ ‘ৰেইন ৱাটাৰ হার্ভেষ্টিং’ অর্থাৎ বৰষুণৰ পানী ধৰি ৰখা, শস্যৰ খেতিৰ সালসলনি, বতৰৰ আগজাননীৰ প্রতি লক্ষ্য ৰখা, যিমান পাৰি গছপুলি ৰোৱা আদিৰ দৰে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰি ইয়াৰ ক্ষতিকাৰক প্রভাৱৰ পৰা কিছু পৰিমাণে হ’লেও হাত সাৰিব পৰা যাব৷ এল নিনো কোনো নতুন কথা নহয়৷ ১৯৭২, ১৯৮২, ১৯৯৭, ২০১৫ চনতো ই দেখা দিছিল৷ মানুহৰ অবিবেচক কর্মকাণ্ডই ইয়াৰ প্রভাৱ বৃদ্ধি কৰিছে৷ কার্বন নির্গমন হ্রাস আৰু প্রকৃতিক ৰক্ষণাবেক্ষণ দিয়াৰ জৰিয়তেহে আমি শান্তিত থাকিব পাৰিম৷ চৰকাৰ, বিজ্ঞানী আৰু সাধাৰণ নাগৰিকৰ সমন্বিত প্রয়াসেহে কিছু প্রতিৰোধ গঢ়ি তুলিব পাৰে৷ উন্নত বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননী, জল সংৰক্ষণ, খৰাং সহনশীল শস্যৰ ব্যৱহাৰ আৰু দুর্যোগ ব্যৱস্থাপনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ জলবায়ু পৰিৱর্তন ৰুধিবলৈ সেউজ উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণমূলক পদক্ষেপ গ্রহণ কৰাটো অপৰিহার্য৷ প্রকৃতিৰ শক্তিশালী সতর্কবাণী এল নিনোৰ প্রভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰা বাঞ্ছনীয়৷ প্রকৃতিয়ে সলালে আমিও জীয়াই থকাৰ কৌশল সলাব লাগিব৷ ই সময়ৰ জৰুৰী আহ্বান৷ অন্যথা বিপন্ন সময় সমাগত৷