নিয়মীয়া বাৰ্তা, ১ মেঃ অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰাৰ নামত লকডাউনৰ সময়ছোৱাত ঘৰৰ বাহিৰলৈ ওলাই যোৱা যুৱক এজনে গেলামালৰ পৰিৱর্তে ঘৰলৈ লৈ আনিলে কইনা৷ উত্তৰ প্রদেশৰ গাজিয়াবাদত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে যেতিয়া মাতৃয়ে নৱ–বিবাহিত যুৱকজনক ঘৰৰ পৰা উলিয়াই দিয়ে৷ মাতৃৰ অজ্ঞাতে গোপনে বিবাহপাশত আবদ্ধ হোৱা পুত্রই কইনাসহ ঘৰত উপস্থিত হোৱাৰ পিছতেই আৰক্ষীক খবৰ দিয়ে মাতৃয়ে৷ আমোদজনক এই ঘটনাৰ বিষয়ে অঞ্চলটোত বিয়পি পৰাৰ লগে লগে স্থানীয় লোকসকল আহি ভিৰ কৰে৷ পৰিণতিত আৰক্ষীয়ে ভিৰ নিয়ন্ত্রণ কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে গুড্ডু নামৰ ২৬ বছৰীয়া যুৱকজনে দুমাহ পূর্বে হৰিদ্বাৰৰ আর্যসমাজ মন্দিৰত সবিতা নামৰ যুৱতী এগৰাকীক বিবাহ কৰাইছিল৷ সাক্ষীৰ অভাৱত বিবাহৰ পত্র যুগুতাব নোৱৰা যুৱকজনে লকডাউনৰ সুবিধা লৈ ঘৰলৈ কইনাজনী লৈ আনে যদিও মাকে নৱ–বিবাহিত দম্পতীক ঘৰত ৰখাৰ বিপৰীতে আঁতৰাই পঠিয়ায়৷