ববিতাৰ কাতৰ অনুৰোধ “মোৰ ছোৱালীজনীক ভালকৈ চাব”
নিয়মীয়া বাৰ্তা ১ মেঃ বৃহস্পতিবাৰে বঙাইগাঁওত ক’ৰোনাত আক্ৰান্ত হোৱা চাৰিজনৰ ভিতৰত এগৰাকী আক্ৰান্ত ববিতা বাছফৰে ওচৰ চুবুৰীয়া সকলক ববীতাৰ অনুপস্থিতত তেওঁৰ জীয়াৰীক ছোৱা চিতা কৰিবলৈ অনুৰোধ জনাইছে।
ববিতা স্বাস্থ্য বিভাগৰ চাফাই কৰ্মী আৰু বঙাইগাঁও চহৰত হাস্পতাল কলনীত বাস কৰে। ববিতা বাছফৰে কয় যে মই ভয় কৰা নাই। মই নিজৰ কৰ্ম কৰিবলৈ যাঁওতে সংক্ৰমিত হ’লো। কৃপা কৰি মোৰ ছোৱালী জনীক চোৱা চিতা কৰিব। হাস্পাতলৈ যোৱাৰ সময়ত এই অনুৰোধ কৰে ববিতাই।
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে বঙাইগাঁওৰ চাৰিজন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে। ক’ৰোনাত আক্ৰান্ত কেইজনৰ এতিয়ালৈকে কোনো ধৰণৰ ট্ৰেভেল কণ্টক্ট হিষ্টী পোহৰলৈ অহা নাই।