নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও জিলাৰ সীমা সংলগ্ন চিৰাং জিলাৰ অন্তৰ্গত ৫ কিল’মিটাৰ অঞ্চলত নিষেধাজ্ঞা জাৰি

নিয়মীয়া বাৰ্তা ১ মে’ : চিৰাং জিলা দণ্ডাধীশে জিলা খনৰ অন্তৰ্গত তথা বঙাইগাঁও জিলাৰ সীমা সংলগ্ন অঞ্চলত নিষেধাজ্ঞা জাৰি কৰিছে । বঙাইগাঁও জিলাত যোৱা দুটা দিনত মুঠ ৫ জনকৈ ব্যক্তি ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ নিৰ্দেশ ক্ৰমে চিৰাং জিলাত ক’ৰোনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জিলা দণ্ডাধীশে এই নিষেধাজ্ঞা জাৰি কৰা বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে । নিষেধাজ্ঞা অনুসৰি চিৰাং জিলাৰ অন্তৰ্গত তথা বঙাইগাঁও জিলাৰ সীমা সংলগ্ন ৫ কিল’মিটাৰ অঞ্চলজুৰি থকা সকলো দোকান-বজাৰ বন্ধ ঘোষণা কৰিছে । উক্ত অঞ্চলত সৰ্বসাধাৰণ ৰাইজৰ চলা-ফুৰাৰ লগতে যানবাহানৰ চলাচলো নিষিদ্ধ ঘোষণা কৰিছে । জৰুৰী কালিন সেৱা সমূহৰ লগতে বিশেষ অনুমতি প্ৰদান কৰা সকলক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে যদিও সকলোৱে কাৰ্যালয়, ৰাজহুৱা স্থানত মাক্স ব্যৱহাৰ কৰাতো বাধ্যতামূলক বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে । চিৰাং জিলাৰ বাকী অঞ্চলৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত দোকান-পোহাৰ সমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে যদিও হাট-বজাৰ সমূহ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । উল্লিখিত দূৰত্বৰ বাহিৰত থকা নগৰ অঞ্চলৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান সমূহ খোলা ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে । লগতে অন্যান্য অঞ্চল সমূহত জৰুৰী সেৱাৰ সৈতে জড়িত আৰু অনুমতি প্ৰদান কৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন সমূহৰ চলাচল অব্যাহত ৰাখিছে । জিলা খনত ৫ জন বা তাতকৈ অধিক লোক সমৱেত হোৱা, বাট-পথ আৰু ৰাজহুৱা স্থানত থু-খেকাৰ আদি পেলোৱা আদি কাৰ্য বে আইনী ঘোষণা কৰিছে । কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞা অমান্য কৰিলে তেনে ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনাৰ জৰিয়তে জিলা দণ্ডাধীশে জিলা খনৰ সকলো নাগৰিকক ব্যক্তিগত পৰিষ্কাৰ-পৰিচন্নতা বজাই ৰাখিবলৈ আহ্বান জনাইছে। পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত সমগ্ৰ জিলাখনত এই নিষেধাজ্ঞা বলবৎ থাকিব।।

You might also like