নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ বছৰৰ মূৰত আইচিচি টেষ্ট ৰেংকিঙৰ শীর্ষস্থান হেৰুৱালে ভাৰতে

নিয়মীয়া বাৰ্তা ২ মেঃ বিশ্বৰ অধিকাংশ স্থানতে লকডাউন অব্যাহত থকাৰ সময়তে আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলৰ টেষ্ট ৰেংকিঙত সিংহাসনচ্যুত হ’ল টীম ইণ্ডিয়া৷ ক’ৰোনাৰ প্রাদুর্ভাৱৰ বাবে সম্প্রতি আন্তঃৰাষ্ট্রীয় ক্রিকেট বন্ধ হৈ থকাৰ মাজতে আই চি চিয়ে আজি প্রকাশ কৰা ৰেংকিঙত ভাৰতে তৃতীয় স্থানলৈ অৱনমিত হয়৷ ভাৰতক অতিক্রম কৰি টেষ্ট ৰেংকিঙৰ শীর্ষস্থানলৈ উন্নীত হৈছে অষ্ট্রেলিয়া৷ যোৱা তিনি বছৰৰ প্রদর্শনৰ ভিত্তিত প্রস্তুত কৰা এই ৰেংকিঙৰ পৰা ২০১৬–১৭ বর্ষৰ পৰিসংখ্যা বাদ দিয়াত ভাৰতে ২০১৬ৰ পিছত প্রথমবাৰৰ বাবে আই চি চি টেষ্ট ৰেংকিঙৰ সিংহাসন হেৰুৱাবলগীয়া হয়৷ উল্লেখ্য যে ২০১৬–১৭ বর্ষত ভাৰতে চমকপ্রদ প্রদর্শনেৰে মুঠ ১২খন টেষ্টত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে মাত্র এখন টেষ্টতহে পৰাজয়ৰ সন্মুখীন হৈছিল৷ বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে উক্ত সময়ছোৱাত অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধেও টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হৈছিল৷ অষ্ট্রেলিয়াই ১১৬ ৰেটিং পইণ্ট, নিউজিলেণ্ডে ১১৫ ৰেটিং পইণ্ট আৰু ভাৰতে ১১৪ ৰেটিং পইণ্টৰ সৈতে ক্রমে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে৷ অষ্ট্রেলিয়াই টেষ্ট ৰেংকিঙৰ সমান্তৰালকৈ টি–২০ ৰেংকিঙৰো শীর্ষস্থানলৈ উন্নীত হৈছে৷ ইফালে, বিশ্ব চেম্পিয়ন ইংলেণ্ডে এদিনীয়াৰ শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে৷ টীম ইণ্ডিয়া এদিনীয়াৰ দ্বিতীয় স্থানত আছে৷

You might also like