যিসকল লোক এতিয়া অসমলৈ নাহিলেও হয়, তেওঁলোক পূজাৰ সময়ত আহকঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২ মেঃ বহিঃৰাজ্যত আবদ্ধ যিসকল লোকে ৰে’ল বা বাছত আহিবৰ বাবে পঞ্জীয়ন পোৱা নাই সেইসকল লোক বাবে ৰাজ্য চৰকাৰে প্ৰতি মাহৰ ১৫তাৰিখে প্ৰদান কৰিব ২০০০ টকাকৈ আৰ্থিক অনুদান। প্ৰায় ২লাখ ৫৫হাজাৰ লোকক ইতিমধ্যে প্ৰদান কৰা হৈছে এই সাহায্য।
যিসকল লোক অসম নাহিলেও হয় তেওঁলোকক পূজাৰ সময়ত অসমলৈ আহিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিসকল লোক অসমলৈ নাহিলে নহয়, তেওঁলোকক প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ’ব। এই লোকসকল অহাৰ লগে লগে অসম আৰক্ষী-স্বাস্থ্য বিভাগৰ এটা যুটীয়া দলে শ্ৰীৰামপুৰ-বক্সিৰঘাটত পঞ্জীয়ন কৰিব আৰু তেওঁলোকৰ গন্তব্য স্থান যদি বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা কোকৰাঝাৰ,হয় তেন্তে সেইসকল লোকক কোকৰাঝাৰ ছাই ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব । তাতেই পৰীক্ষা কৰি যি সকলৰ স্বাস্থ্য ভালে আছে তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ ষ্টাম্প লগাই ঘৰলৈ যোৱাৰ অনুমতি দিয়া হ’ব।
যিসকল লোকক যাবলৈ অনুমতি দিয়া হ’ব সেই জিলাৰ উপায়ুক্তসকলে অনলাইন পৰ্টেলৰ যোগেদি কোন কেইজন লোকক হোম কোৱাৰেণ্টাইনৰ বাবে নিজ জিলালৈ আহিছে সেই কথা গম পাব আৰু যিকেইজনৰ লক্ষণ দেখা যাব সেইসকলৰ নিয়মিত স্বাস্থ্য পৰীক্ষা অব্যাহত থাকিব।
যিসকল লোক নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’) মৰিগাঁও, নগাঁও, মঙলদৈ, কাৰ্বি আংলং , কাছাৰ যাব তেওঁলোকক সৰুসজাইলৈ অনা হ’ব। এই ক্ষেত্ৰত যি সিদ্ধান্তই লোৱা নহওঁক কিয় অন লাইন পৰ্টেলৰ জড়িয়তে উপায়ুক্তসকলে সকলো খবৰ পাই থাকিব।
যিসকল লখিমপুৰ, তেজপুৰ, বিশ্বনাথ, ধেমাজি যাব তেওঁলোকে তেজপুৰলৈ পাছ যাব। তেজপুৰত স্বাস্থ্য পৰীক্ষা কৰা হ’ব। যোৰহাট ডিব্ৰুগড়. শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়ালৈ যাব লগীয়াসকলৰ যোৰহাটত আৰু বৰাকলৈ যাবলগীয়াসকলক শিলচৰত এই প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ’ব।
আনহাতে যিসকল লোক চৰকাৰী কোৱাৰেণ্টাইন থাকিব নোখোজে, তেওঁলোকৰ বাবে পেইড কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।