নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধখন শেষ হোৱা নাইঃ মুখ্যমন্ত্ৰী সোণোাৱাল

নিয়মীয়া বাৰ্তা, ৩ মেঃ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ শেষ হোৱা নাই। দ্বিতীয় পৰ্যায়ৰ লক ডাউন সাৰ্থক কৰাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। লগতে এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ সহায় সহযোগিতাৰ বাবেও ধন্যবাদ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ক’ৰোনা ভাইৰাছৰ শৃংখল ভংগৰ বাবে ১৭ মেলৈ ৩য় পৰ্যায়ৰ লক ডাউন নিষ্ঠাৰে পালন কৰাৰ আহ্বান। লক ডাউনৰ সময়ছোৱাত অৰ্থনৈতিক জটিলতাৰ সুচল কৰিবলৈ কিছু কিছু ক্ষেত্ৰত শিথিলতা আনিছে তাৰ অৰ্থ এইটো নহয় যে আমি মুক্ত। সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান কৰা আৰি সঘনে হাত ধুই থকা এইকেইটা কাম যদি আমি গুৰুত্ব  সহকাৰে কৰো তেন্তে ক’ৰোনাৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম।

আমি এই যুঁজত জয়ী হ’বই লাগিব। অসম চৰকাৰে সকলো অসমবাসীক আস্থা আৰু বিশ্বাসত লৈ আগবাঢ়িছে। স্বাস্থ্য বিভাগৰ লগতে অত্যাবশ্যকীয় সেৱাৰ লগত জড়িত সকলোকে মনোবল বৃদ্ধিৰ বাবে আমি কাম কৰা উচিত। সংবাদমেলত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা সাংবাদিকসকললৈও ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী সোণোৱালৰ।

You might also like