নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নগালেণ্ড সীমান্তই দি শতাধিক লোকৰ অসমত প্ৰৱেশ

নিয়মীয়া বাৰ্তা,৩ মে’ : অৱশেষত যেন সকলোৱে সকাহ পালে ৷ অসম চৰকাৰে বহিৰাজ্যত আৱদ্ধ হৈ পৰা লোকৰ বাবে আন্তৰাজ্যিক সীমান্ত আজিৰে পৰা মুকলি কৰি দিয়াৰ লগে লগেই লকডাউনৰ বাবে বহিঃ ৰাজ্যত আৱদ্ধ হৈ পৰা লোকসকলে আজি পুৱাৰ পৰাই সীমান্তই দি অসমত প্ৰৱেশ কৰে ৷

কাৰ্বি আংলং জিলাৰ অসম নগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাহৰীজানৰ দিশেৰে ১৫০ জন আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিলাইৰ দিশৰ পৰা ৫২ জন লোক আজি অসমত প্ৰৱেশ কৰে ৷

এই লোকসকলৰ অধিকাংশই শ্ৰমিক হোৱাৰ লগতে কিছু লোক নগালেণ্ডৰ ডিমাপুৰ, কহিমা আদি ঠাইলৈ গৈ হঠাতে হোৱা লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল ৷

অসমত প্ৰৱেশ কৰা এগৰাকী যুৱতী

আজি সীমান্তইদি প্ৰৱেশ কৰা এই লোকসকলক প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰি হাতত ষ্টাম্প মাৰি গৃহবন্দী হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰশাসনে অসমৰ বিভিন্ন স্থানৰ লোকসকলৰ বাবে গাড়ীৰ ব্যৱস্থা কৰে ৷ আনহাতে একাংশ লোকে ব্যক্তিগত বাহনেৰেও অসমত প্ৰৱেশ কৰে ৷

উল্লেখ্য যে অসমত প্ৰৱেশ কৰিয়েই প্ৰায় সংখ্যক লোকেই সংবাদ মাধ্যমৰ আগত সকাহ অনুভৱ কৰা বুলি মত ব্যক্ত কৰে ৷ বোকাজানৰ মহকুমাধিপতি কাৰ্যালয়ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত বেমঠই চানু, মহকুমা আৰক্ষী বিষয়া জন দাস, খটখতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌব্লিক ব্ৰহ্মৰ তদাৰকত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান হৈ আজি এই শতাধিক লোকসকল অসমত প্ৰৱেশ কৰে।

You might also like