ৰাজ্যত সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সৰ্বাত্মক কাৰ্ফিউঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৩ মেঃ ৩ পৰ্যায়ৰ লক ডাউন আৰম্ভৰ লগে লগে কিছু শিথিলতা আনিছে ৰাজ্য চৰকাৰে। অসমত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সৰ্বাত্মক কাৰ্ফিউ থাকিব। অৱশ্য়ে খোলা থাকিব ফাৰ্মাচী, অত্যাবশ্যকীয় সেৱাৰ লগতে এম্বুলেন্স, সংবাদকৰ্মী, চৰকাৰী কৰ্মচাৰীৰ বাহন চলিব পাৰিব। সোমবাৰৰ পৰা ব্যক্তিগত হাস্পতালৰ আন সকলোবোৰ সেৱা আৰম্ভ হ’ব। কিন্তু সন্ধিয়া ৫ বজাৰ পূৰ্বে বন্ধ কৰিব লাগিব।
গ্ৰামাঞ্চলত সকলোবোৰ দোকান খোলাৰ লগতে সন্ধিয়া ৫ বজালৈ নগৰ বা চহৰত অকশৰীয়া দোকানসমূহ খুলিব পাৰিব। সপ্তাহিক বজাৰসমূহ বন্ধ থাকিব কিন্তু একেশাৰীত থকা দোকান সমূহৰ এক তৃতীয়াংশ দোকান খুলিব পাৰিব। কিতাপৰ দোকান সমূহ খুলিব পাৰিব দোকানীসকলে নিজৰ মাজত আলোচনা কৰি ব্যবসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ আহ্বান। অন্য কিবা অসুবিধাৰ সন্মুখীন হ’লে উপাযুক্তৰ লগত আলোচনা কৰি সিদ্ধান্ত ল’ব পাৰিব। আনহাতে এই ক্ষেত্ৰত নিয়ম ভংগ কৰিলে কঠোৰ হ’ব আৰক্ষী।
সোমবাৰৰ পৰা গুৱাহাটীৰ লগতে আন ঠাইত আৰম্ভ হ’ব নিৰ্মাণ কাৰ্য। ৰাস্তা-ঘাট, ঘৰ, হোটেল যিবোৰ নিৰ্মীয়মান অবস্থাত আছিল সেইবোৰৰ কাম আৰম্ভ হ’ব।
ASTCৰ পৰা অনুমতি লৈ চলিব পাৰিব চিটী বাছ, আন্তঃ জিলা চলাচল কৰা বাছসমূহ। চালক আৰু দুই যাত্ৰীসহ চলিব পাৰিব ব্যক্তিগত বাহন। বাছসমূহত কোনো যাত্ৰী থিয় হৈ যাব নোৱাৰিব। ৫০শতাংশ যাত্ৰীৰে চলিব পাৰিব বাছসমূহ। আনহাতে ৰেড আৰু অৰেঞ্জ জনত নচলিব কোনো বাছ অথবা গাড়ী । ৰেড আৰু অৰেঞ্জ জনৰে গাড়ী পাৰ হৈ গ’লেও ৰখাব নোৱাৰিব। সোমবাৰৰ পৰা চলিব ৰিক্সা, অটোৰিক্সা, টেক্সী। কিন্তু সকলোৱে মাক্স পৰিধান কৰাটো বাধ্যতামূলক।
আনহাতে অৰেঞ্জ জনত থকা গোৱালপাৰা, ধুবুৰী, মৰিগাওঁ আৰু বঙাইগাঁওত এই নিয়মসমূহ প্ৰযোজ্য নহয় বুলি সংবাদমেলত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ