লক ডাউনঃ বন্ধ থাকিব জিম, পাৰ্লাৰ, চিনেমা হল, শ্বপিং মল
নিয়মীয়া বাৰ্তা, ৩ মেঃ ৩য় পৰ্যায়ৰ লক ডাউনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে কিছু নীতি-নিৰ্দেশনা। কিছু কিছু ক্ষেত্ৰত শিথিল কৰি দিয়া হৈছে লক ডাউন। অসমৰ বন্ধ থাকিব চেলুন, পাৰ্লাৰ, চিনেমা হল, শ্বপিং মল, জিম, ধৰ্মীয় অনুষ্ঠানসমূহ। আনহাতে সকলোধৰণৰ ই কমাৰ্চ চলিব। অন লাইন শ্বপিং কৰিব পাৰিব। সোমবাৰৰ পৰা খুলিব ছুইগি সেৱা। সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
চাহৰ দোকান, ৰেষ্টুৰেণ্ট, আইছক্ৰীম পাৰ্লাৰ আদি খুলিব পাৰিব, কিন্তু দোকানসমূহত বহি বা থিয় হৈ কোনো লোকে খাব নোৱাৰিব। সামগ্ৰীসমূূহ কিনি লৈ যাব লাগিব। সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈও আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।