নিয়মীয়া বাৰ্তা, ৪ মে’ : ৰাজ্যৰ অন্যান্য স্থানৰ দৰে ঢকুৱাখনাৰ বিভিন্ন জনজাতীয় গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ যোৱা একসপ্তাহ ধৰি দৈনিক মৃত্যু ঘটিছে শ শ গাহৰিৰ ৷ ফলত ভৱিষ্যত চিন্তা কৰি পশুপালকসকলৰ মূৰত সৰগ ভাগি পৰিছে ৷ ঢকুৱাখনা মহকুমাৰ ভিতৰতে যোৱা এটা সপ্তাহত সর্বাধিক গাহৰিৰ মৃত্যু হৈছে ৷ আমলখি ডাংধৰা গাঁৱত ৷ এই প্রতিবেদকে পশুপালকসকলৰ পৰা লাভ কৰা তথ্য মতে– গাঁওখনত উন্নত জাতৰ গাহৰিৰ পাম খোলা কেইবাজনো লোকৰ বহু গাহৰি আফ্রিকান ছোৱাইন ফিভাৰত একেদিনাই মৃত্যুমুখত পৰিছে ৷ গাঁওখনৰ ক্রমে জ্যোতিৰঞ্জন মিলিৰ ৩০টা, খর্গেশ্বৰ মিলি আৰু লৱন পাংগিঙৰ ২০টাকৈ, ইন্দ্রেশ্বৰ পাংগিঙৰ ১৬টা, ৰামু মিলিৰ ১৪টা, পূর্ণেশ্বৰ পেগুৰ ১২টা, মণিকান্ত পাংগিং, কবিন পাংগিং আৰু মিঠুন পাংগিঙৰ ১০টাকৈ, মধু পাংগিং, জন্মেজয় মিলি, ৰাজু পাংগিং, ভাইটি পাংগিং আৰু বুদ্ধেশ্বৰ পাংগিঙৰ ৯টাকৈ, প্রহ্লাদ পায়েং, যোগেন পায়েং, উপেন মিলি আৰু উইচেল পায়েঙৰ ৮টাকৈ, দেৱানন্দ পাংগিং, নৰেশ পাংগিং আৰু ইন্দ্রেশ্বৰ পাংগিঙৰ ৭টাকৈ, আদিত্য পাংগিং, মনোজ মিলি, চন্দ্রেশ্বৰ পাংগিং, মদন মিলি আৰু সতীশ পাংগিঙৰ ৬টাকৈ, লেখন মিলি, বিগিৰাম পাংগিং আৰু ভূপেন মিলিৰ ৫টাকৈ, দাস পাংগিং, বিকাশ য়েইন আৰু বিশ্বনাথ পাংগিঙৰ ৪টাকৈ, ধর্মছিং মিলিৰ ৩টা, অভয় মিলি আৰু ৰাম মিলিৰ ২টাকৈ গাহৰিৰ সৈতে মুঠ ৩১২টাকৈ গাহৰিৰ আজিপর্যন্ত মৃত্যু হৈছে আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ ৷ এয়া মাত্র এখন গাঁৱৰ উদাহৰণ ঢকুৱাখনাৰ ৷ এনেকৈয়ে প্রতিদিনেই ঢ়কুৱাখনাৰ বিভিন্ন পঞ্চায়তৰ গাহৰিপালক আৰু ব্যৱসায়িক ভিত্তিত পাম খোলা বহু নিৱনুৱা যুৱকৰ পামবোৰতো মৰিছে শ শ ডাঙৰ–পোৱালি গাহৰি৷ এতিয়া মৰা গাহৰি গাঁত খান্দি পোতাও সমস্যা হৈ পৰিছে গাঁওবোৰত ৷ এতিয়া পশুপালনক জীৱিকা কৰি লোৱাসকলৰ মুখৰ মাত হৰিছে দৈনিক পোহনীয়া গাহৰিবোৰ এফালৰ পৰা মৃত্যুমুখত পৰাত ৷ বেংকৰ ঋণ লৈ আত্মসংস্থাপনৰ আশাৰে গাহৰিৰ পাম খোলা নিবনুৱা যুৱক–যুৱতী, পুৰুষ–মহিলাৰ মূৰত সৰগ ভাগি পৰিছে ৷ কি কৰি নিজেই জীয়াই থাকিব ৷ ক’ৰ পৰা ঘূৰাব বেংকৰ ঋণৰ টকা? সকলো ফালে উপায়হীন হৈ পৰা পশুপালকসকলে সেয়ে অসম চৰকাৰৰ পশুপালন বিভাগৰ পৰা কিছু সহায়–সহযোগিতাৰ আশা কৰিছে৷ ক’ৰোনা মহামাৰীৰ ফলত অব্যাহত লকডাউনৰ বাবে বিধ্বস্ত হৈছে ৰাজ্যৰ অর্থনীতি৷ এতিয়া শ শ গাহৰিৰ মৃত্যুৰ ফলত খাটিখোৱা জনতাৰ মাজলৈকো অর্থনৈতিক দুর্যোগ নামি আনিছে ৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে কিদৰে সকাহ দিব পশুপালকসকলক সেয়া লক্ষণীয় হ’ব ৷