নিয়মীয়া বাৰ্তা, ৫ মে’ : কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ পূব কামৰূপ পুৰোহিত সন্মিলনীৰ তিনিকুৰি পুৰোহিতক মঙলবাৰে মাস্ক আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক সত্যব্ৰত কলিতাই ৷ মঙলবাৰে দিনৰ ১১ বজাত বাইহাটা চাৰিআলি আলিসভা বাসুদেৱ নামঘৰ প্ৰাঙ্গণত আয়োজিত মাস্ক আৰু খাদ্য বিতৰণ অনুষ্ঠানত বিধায়ক কলিতাই পূব কামৰূপ পুৰোহিত সন্মিলনীক সম্বোধন কৰি তৃতীয় পৰ্যায়ৰ তলাবন্ধত চৰকাৰক সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায় ৷