বিষাক্ত বৰলে আমেৰিকালৈ কঢ়িয়াইছে নতুন ভাবুকি
নিয়মীয়া বাৰ্তা, ৭ মে’ : ক’ভিড–১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছ মহামাৰীয়ে মৃত্যু উপত্যকাত পৰিণত কৰা আমেৰিকাৰ বাবে এইবাৰ বিষাক্ত কদো বৰলে কঢ়িয়াই আনিছে ভাবুকি৷ মূলতঃ দক্ষিণ–পূব এছিয়া, চীন, টাইৱান আদি দেশত পোৱা এই বিষাক্ত বৰলবিধ পোৱা যায় যদিও শেহতীয়াকৈ কানাডিয়ান সীমান্তৱর্তী ৱাশ্বিংটন প্রদেশত ইয়াক দেখিবলৈ পোৱা গৈছে৷
ভেস্পা মাণ্ডাৰিনিয়া নামৰ এই বৰলবিধ আঢ়ৈ ইঞ্চিপর্যন্ত দৈর্ঘ্যৰ হ’ব পাৰে৷ ৱাশ্বিংটনৰ ব্লাইনেত প্রথম ইয়াক দেখিবলৈ পোৱা গৈছিল ডিচেম্বৰ মাহত৷ শেহতীয়াকৈ সমগ্র ৱাশ্বিংটনতে অন্য কীট–পতংগ তথা পশু–পক্ষী এই বৰলবিধৰ চিকাৰ হৈছে৷
স্মর্তব্য যে এই বৰলবিধে কেইবাবাৰলৈকে জীৱ–জন্তুৰ শৰীৰত ইয়াৰ বিষাক্ত শুং সুমুৱাই দিবলৈ সক্ষম হয়৷ প্রতিবাৰে ই এই শুঙেৰে বর্জন কৰে বিহ৷ আনকি এই বৰলে চাৰি–পাঁচবাৰ কামুৰিলে একোজন লোকৰ মৃত্যুও হ’ব পাৰে৷ গতিকে ৱাশ্বিংটন প্রদেশৰ কৃষি বিভাগৰ পৰা এই বৰলবিধক ধ্বংস কৰাৰ বাবে চিন্তা–চর্চা চলোৱা হৈছে৷ সংবাদ সংস্থা ৰয়টাৰৰ প্রতিবেদন অনুসৰি, বিষাক্ত এই বৰলে পশুপালক আৰু মৌপালকসকলৰ বাবে কঢ়িয়াই আনিছে আতংক৷ ইতিমধ্যে ইয়াৰ কামোৰত বহু নিগনি–এন্দুৰেও প্রাণ হেৰুৱাইছে৷