নিয়মীয়া বাৰ্তা, ৭ মে’ : তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী জে জয়াললিতাৰ বাসগৃহ ‘বেদা ইলম’ ৰাজ্য চৰকাৰে অধিগ্রহণ কৰিছে৷ চেন্নাইস্থিত বিলাসী এই বাসগৃহটো তামিলনাডু চৰকাৰে এক স্মাৰকলৈ ৰূপান্তৰ কৰিব৷ চৰকাৰী স্মাৰক হিচাপে জয়াললিতাৰ এই বাসগৃহত ৰখা হ’ব বিভিন্ন আপুৰুগীয়া সম্পদ৷ চেন্নাইৰ উপায়ুক্তগৰাকীয়ে আজি ঘোষণা কৰিছে এই কথা৷
লক্ষণীয়ভাৱে মুখ্যমন্ত্রী জয়াললিতাৰ এই বাসগৃহ পূর্বৰে পৰা বিভিন্ন মহলৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু৷ জয়াললিতাৰ কোনো সম্পদ ইয়াৰ পৰা স্থানান্তৰ কৰা নহয় বুলিও স্পষ্ট কৰি দিছে উপায়ুক্তগৰাকীয়ে৷ গতিকে নেত্রীগৰাকীৰ পৰিয়ালৰ কোনো লোকে এই বিষয়টোক লৈ আপত্তি দর্শোৱা নাই৷ ইফালে চৰকাৰৰ এই সিদ্ধান্তক এআইএডিএমকেৰ কর্মী আৰু সমর্থকসকলে আদৰণি জনাইছে৷