নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিনায়কত্বত দক্ষ হৈ গৈ আছে কোহলিঃ নেহৰা

নিয়মীয়া বাৰ্তা,  ৭ মে’ : অধিনায়কৰ ক্ষেত্রত দিনকদিনে দক্ষ হৈ গৈ আছে বিৰাট কোহলি৷ এই অনুভৱ টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা পেচবলাৰ আশিস নেহৰাৰ৷ কোহলিৰ অধিনায়কত্ব সন্দর্ভত নিজৰ মতামত দাঙি ধৰি প্রাক্তন বাঁওহতীয়া পেচবলাৰগৰাকীয়ে কয় যে এগৰাকী খেলুৱৈৰ ৰূপত বিৰাট কোহলিক পৰিচয় কৰি দিয়াৰ প্রয়োজন নাই৷

কিয়নো , কেৰিয়াৰ গ্রাফেই তেওঁৰ সম্পূর্ণ পৰিচয় দিছে৷ খেলুৱৈ হিচাপে কোহলিয়ে উন্নত প্রদর্শন দাঙি ধৰি আহিছে যদিও অধিনায়কৰ ক্ষেত্রত তেওঁ নিজকে আৰু অধিক উন্নীত কৰাৰ প্রয়োজন আছে৷ কোহলিক এগৰাকী আৱেগিক অধিনায়ক বুলিও ৪১ বছৰীয়া নেহৰাই মন্তব্য কৰে৷ উল্লেখ্য যে আশিস নেহৰাই ১৭খন টেষ্ট, ১২০খন এদিনীয়া আৰু ২৭খন টি–২০ মেচত ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰিছিল৷

You might also like