নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰ–পানীখাইতী ২৮গৰাকী আশাকর্মীক সম্বর্ধনা

নিয়মীয়া বাৰ্তা,  ৭ মে’ :  নিজৰ জীৱনৰ বহু মূল্যৱান সময় দি আশাকর্মীসকলে সর্বসাধাৰণ ৰাইজৰ মংগলৰ কাৰণে কাম কৰি আহিছে৷ আশাকর্মীসকলৰ এনে ত্যাগক সন্মান জনাই কামৰূপ মহানগৰ জিলা পৰিষদে এই কর্মীসকলক সম্বর্ধনা জনোৱাৰ লগতে অত্যাৱশ্যকীয় খাদ্যসামগ্রী আৰু মাস্ক বিতৰণ কৰে৷

কালি কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্রী শিৰমণি কোঁৱৰ আৰু উপ–সভাপতি গজেন ছেত্রীৰ তত্ত্বাৱধানত চন্দ্রপুৰ আৰু পানীখাইতী গাঁও পঞ্চায়ত এলেকাৰ ২৮গৰাকী আশাকর্মীক সম্বর্ধনা আৰু একোটাকৈ খাদ্যসামগ্রীৰ টোপোলা আৰু মাস্ক বিতৰণ কৰে৷ চন্দ্রপুৰ গাঁও পঞ্চায়তৰ অনিমা ধৰ, ভানু কলিতা বীণা নার্জাৰী, শীলা বর্মন, জোনালী কলিতা বড়ো, ৰীণা কলিতা, মঞ্জু কলিতা, গণিতা দে’, নমিকা বংজা, ৰীতামণি ফাংছ’, ললিতা কলিতা, সৰস্বতী ডেকা, সুভদ্রা কলিতা আৰু কবিতা ইংতি নামৰ আশাকর্মীকেইগৰাকীক সম্বর্ধনা জনোৱা হয়৷

ইপিনে পানীখাইতী গাঁও পঞ্চায়ত এলেকাৰো ১৪গৰাকী আশাকর্মীকো সম্বর্ধনা জনায় জিলা পৰিষদৰ সভানেত্রী আৰু উপ–সভাপতিগৰাকীয়৷ তদুপৰি ক’ৰোনা প্রতিহত সংগ্রামত ব্যস্ত থকা প্রাগজ্যোতিষপুৰ থানা আৰু পানীখাইতী আৰক্ষী চকীৰ আৰক্ষীসকলৰ মাজতো মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷

You might also like