মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০টকাৰ জৰিমনা
নিয়মীয়া বাৰ্তা, ৭ মেঃ ক’ৰোনা ভাইৰাছৰ বাবে এতিয়া অসম তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰে কিছু কিছু নিয়ম শিথিল কৰি দিলেও ক’ৰোনাই চৰকাৰৰ নিৰ্দেশনা বুজি নাপায় বুলি সংবাদমেলত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ব্যৱসায়-বাণিজ্য খোলাৰ বাবেই দোকানসমূহৰ সন্মুখত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্ৱান মন্ত্ৰীগৰাকীৰ। সামাজিক দূৰত্ব বৰ্তাই নৰখা দোকানসমূহো দায়ী হ’ব লগতে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধখন এতিয়াহে আৰম্ভ হৈছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।
সামাজিক দূৰত্ব বৰ্তাই ৰাখি সকলোকে মাস্ক পৰিধান কৰিবলৈও আহ্বান। মাস্ক পৰিধান নকৰি ওলাই আহিলে অথবা সামাজিক স্থানত মাস্ক পৰিধান নকৰিলে আৰক্ষীয়ে বিহিব পাৰিব ৫০০টকাৰ জৰিমনা। বজাৰত উপলব্ধ মাস্ক নহ’লেও গামোচাৰ লৈও ঢাকি ৰাখিব লাগিব নিজৰ নাক-মুখ। সংবাদমেলত এই মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।