নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী চাকৰিয়ালসকলে বয়োজ্যেষ্ঠজনক সহায় কৰক, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ

নিয়মীয়া বাৰ্তা, ৭ মেঃ কাইলৈৰ পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পোৱা আৰম্ভ কৰিব। ইতিমধ্যে ৮এপ্ৰিলৰ পৰা খোলা হৈছে কোষাগাৰসমূহ। ক’ৰোনাৰ আতংকৰ সময়তে ৰাজ্যৰ অৰ্থনীতি সংকটপূৰ্ণ অৱস্থাতো চৰকাৰী কৰ্মচাৰীয়ে পাব সম্পূৰ্ণ দৰমহা।

গতিকে চৰকাৰী কৰ্মচাৰীসকললৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটি অনুৰোধ। চৰকাৰী কৰ্মচাৰীসকলে ওচৰ-চুবুৰীয়া বয়োজ্যেষ্ঠ লোকসকলক সহায় কৰে। যিহেতু ক’ৰোনা ভাইৰাছে অতি সোনকালে ৬০ৰ উৰ্ধ্ৱৰ আৰু ১২বছৰৰ তলৰ শিশুসকলক সহজে আক্ৰমণ কৰিব পাৰে সেয়ে ঘৰৰ পৰা ওলোৱাত বাধা প্ৰদান কৰিছে চৰকাৰে। গতিকে এই লোকসকলক প্ৰয়োজনীয় কিছু সামগ্ৰী যোগান ধৰিবলৈ ব্যক্তিগতভাৱে অনুৰোধ জনাইছো বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like