পাণবজাৰত লকডাউন উলংঘাৰ অভিযোগত ১৩ জনক আটক
নিয়মীয়া বাৰ্তা, ৮ মে’ : লকডাউন উলংঘা কৰাৰ অভিযোগত আজি পাণবজাৰ আৰক্ষীয়ে অঞ্চলটোৰ পৰা ১৩জন লোকক আটক কৰে৷ আটকাধীন লোককেইজন ক্রমে ফাঁচীবজাৰৰ দীপক ভৰালী, মঙলদৈৰ মানৱেন্দ্র কলিতা, ভৰলুমুখৰ ৰামলাল যোশী, জালুকবাৰীৰ ইয়াছিন আলী, পল্টন বজাৰৰ পৱন কুমাৰ পেৰেক, নলবাৰীৰ মণ্টু কুমাৰ নাথ, ধুবুৰীৰ কৰিম আলী, নগাঁৱৰ আব্দাছ আলী, তামুলপুৰৰ জিতেন ডেকা, লতাশিলৰ কিলোচ স্বামী, সন্তুষ কুমাৰ যাদৱ, আশা দাসসহ আন এগৰাকী মহিলাক আটক কৰে৷
উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত ধৃত লোককেইজনে মহানগৰীত ঘূৰি ফুৰাৰ লগতে মাস্ক পৰিধান কৰা নাছিল৷ তদুপৰি সামাজিক দূৰত্ব উলংঘা কৰি বাহন লৈ ৰাজপথত ঘূৰি ফুৰিছিল৷ আৰক্ষীয়ে অভিযান চলাই পাণবজাৰ থানাৰ বিভিন্ন এলেকাৰ পৰা অভিযান চলাই লোককেইজনক আটক কৰে৷