নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বিভিন্ন ঠাইত থকা লোকসকললৈ কি অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

নিয়মীয়া বাৰ্তা, ৮মেঃ ভাৰতৰ বিভিন্ন ঠাইত থকা অসমৰ শিক্ষাৰ্থী, অসমৰ লোকসকল নিজৰ ৰাজ্যলৈ ঘূৰি আহিলে চৰকাৰৰ কোনো বাধা দিয়াৰ নৈতিক আৰু আইনগত অধিকাৰ নাথাকে।  গতিকে আমি পৰিৱেশৰ লগত সাহসেৰে মোকাবিলা কৰিব লাগিব। সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্বৰ শৰ্মাৰ।

ভাৰতৰ বিভিন্ন ৰাজ্যত বাস কৰা লোকসকললৈ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আপোনালোক অসমলৈ আহক কিন্তু আপোনালোকৰ লগত ক’ৰোনা আহিব নালাগে। ভাইৰাছ আহিছে নে নাই সেইটো কোনেও নাজানে। গতিকে আপোনালোক য’তে আছে ত’তে থাকি ৰাজ্যখনক এই বিপদৰ পৰা ৰক্ষা কৰাত সহায় কৰক। যদি মাতৃভূমিলৈ আহে তেন্তে চৰকাৰী নিয়মসমূহ মানি চলিবলৈও আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।  

You might also like