নিয়মীয়া বাৰ্তা, ৯ মে’ : গুৱাহাটীৰ চানমাৰীৰ অমিয় নগৰৰ ক’ভিড – ১৯ ত আক্ৰান্ত বৰোদা দাসৰ সংস্পৰ্শলৈ অহা প্ৰতিভা দেৱীক নগাঁও জিলা স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কৰিছে । শনিবাৰে নগাঁও জিলা স্বাস্থ্য বিভাগে ৰহাৰ বামুণীজান খলিহামাৰীৰ পৰা নগাঁও চিকিৎসালয়লৈ নিয়ে আৰু স্ৰাৱ সংগ্ৰহ কৰি বিভাগীয় কোৱাৰেণ্টাইন কেম্পত ৰখা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, গুৱাহাটীৰ চানমাৰী অমিয় নগৰৰ বাসিন্দা প্ৰতিভা দেৱী যোৱা ৬ মে’ত ৰহাৰ বামুণীজান খলিহামাৰীৰ জোঁৱায়েকৰ ঘৰলৈ আহিছিল । কিন্তু অমিয় নগৰৰ বৰোদা দাসৰ শৰীৰত ক’ভিড – ১৯ ৰ উপস্থিতি ধৰা পৰাৰ পিচত প্ৰতিভা দেৱী নামৰ মহিলাগৰাকীও বৰোদা দাসৰ সংস্পৰ্শলৈ অহা বুলি প্ৰচাৰ হোৱাত হাহাকাৰ লাগে ৰহাৰ বামুণীজান-খলিহামাৰী অঞ্চলত । পিচত এতিয়া অৱশ্যে প্ৰতিভা দেৱীক চমজি লৈছে নগাঁও জিলা স্বাস্থ্য বিভাগে । লগতে প্ৰতিভা দেৱীৰ জোঁৱায়েকৰ পৰিয়ালটোকো হোম কোৱাৰেণ্টাইন কৰিছে ।