নিয়মীয়া বাৰ্তা, ১০ মে’ : দেশত মহামাৰী ক’ৰোনা ভাইৰাছে ভয়ংকৰ সংকটৰ সৃষ্টি কৰি অহাৰ সময়তো মাওবাদীৰ তৎপৰতা অব্যাহত আছে ৷ শুকুৰবাৰে নিশা ছত্তিশগড়ৰ ৰাজনন্দ গাঁও জিলাত মাওবাদীৰ স’তে আৰক্ষীৰ ভয়ানক সংঘর্ষৰ সূত্রপাত হয়৷ আৰক্ষীৰ এই এনকাউণ্টাৰত চাৰিজনকৈ মাওবাদীৰ সদস্য নিহত হয়৷ অৱশ্যে এই সংঘর্ষত শ্বহীদ হয় এজন আৰক্ষী বিষয়া৷ আজি পুৱা আৰক্ষী সূত্রে জানিব পৰা মতে, ছত্তিশগড়ৰ মানপুৰ থানাৰ সীমান্তৱর্তী পাৰধনি গাঁৱত মাওবাদীৰ দল এটা লুকাই থকা বুলি আৰক্ষীয়ে গোপন সূত্রে জানিব পাৰে৷ লগে লগে আৰক্ষীৰ এটা বাহিনী পাৰধনি গাঁৱৰ এখন হাবিৰ কাষত নিশা ১০.৩০ বজাত উপস্থিত হয়৷ আৰক্ষীৰ উপস্থিতিৰ উমান পাই লুকাই থকাৰ পৰাই মাওবাদীৰ দলটোৱে গুলীয়াবলৈ আৰম্ভ কৰে৷ আৰক্ষীয়েও তীব্র প্রত্যুত্তৰ দিয়ে৷ কিছু সময় ধৰি চলা সংঘর্ষৰ পিছত আৰক্ষীয়ে এনকাউণ্টাৰত চাৰি মাওবাদীক নিহত কৰে৷ কিন্তু মাওবাদীৰ গুলীত উপ–পৰিদর্শক এছ কে শর্মা শ্বহীদ হয়৷ ৰাজনন্দ গাঁৱৰ আৰক্ষী অধীক্ষক জিতেন্দ্র শুক্লাই জানিবলৈ দিয়া মতে মাওবাদীৰ চাৰিটা মৃতদেহৰ উপৰি সংঘর্ষস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে–৪৭ ৰাইফল, এটা এছ এল আৰ আৰু দুটা ৰাইফল উদ্ধাৰ কৰে৷ সমগ্র অঞ্চলটোত আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে মার্চ মাহৰ শেষৰ ফালেও ছত্তিশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্র গুলীয়াগুলী সংঘটিত হৈছিল৷ এই সংঘর্ষত ১৪জন জোৱান গুৰুতৰভাৱে আহত হৈছিল ৷