নিয়মীয়া বার্তা, ১১ মেঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক দেওবাৰে এইমছত ভৰ্তি কৰোৱা হয় । দেওবাৰে সন্ধিয়া হঠাৎ অসুস্থ হৈ পৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী । বুকুৰ বিষত আক্ৰান্ত হোৱা বাবে এইমছত ভৰ্তি কৰোৱা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক ।
ইপিনে এইমছ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ । লগতে তেওঁৰ চিকিৎসা চলি আছে বুলিও কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।
উল্লেখ্য যে এটা নতুন ঔষধ গ্ৰহণৰ পাছতে ৰিয়েকশ্বন হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক । বৰ্তমান এটা নিশা চিকিৎসকৰ নিৰিক্ষণত থকাৰ পাছতে স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে বুলি এইমছ কৰ্তৃপক্ষই জানিবলৈ দিছে ।
আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং জ্বৰত আক্ৰান্ত হোৱাৰ বাবে আন আন চিকিৎসাসমূহো কৰি থাকিবলগীয়া হৈছে ।
Former PM&Congress leader Dr Manmohan Singh was admitted to AIIMS for observation&investigation after he developed febrile reaction to new medication.He’s being investigated to rule out other causes of fever. He’s stable & under care at the Cardiothoracic Centre of AIIMS: Sources pic.twitter.com/0zJD86VZBb
— ANI (@ANI) May 11, 2020