নিয়মীয়া বার্তা, ১১ মেঃ আজিৰে পৰা বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত পুনৰ আৰম্ভ হৈছে পূৰ্বৰে পৰা চিকিৎসা চলি থকা কৰ্কট ৰোগীৰ চিকিৎসা ।
আজি ৩০ জন লোকক কেম’ থেৰাপি আৰু ৮০ জন ৰোগীক ৰেডিঅ’ থেৰাপি কৰা হৈছে।
আনহাতে কণ্টেইনমেণ্ট জনত থকাৰ বাবে কিছুদিন পিছতহে আৰম্ভ হ’ব OPD সেৱা।
ইয়াৰোপৰি বিভিন্ন ঠাইত প্ৰতিষ্ঠানখনৰ চিকিৎসক আৰু কৰ্মচাৰী সন্মুখীন হৈছে হাৰাশাস্তিৰ। চিকিৎসা কৰ্মীক হাৰাশাস্তি কৰাটো দণ্ডনীয় অপৰাধ। সেয়ে সকলোলৈ চিকিৎসা কৰ্মীক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ জনালে BBCI ৰ সঞ্চালক ডাঃ অমল কটকীয়ে ।
উল্লেখ্য যে যোৱা ক’ভিড–১৯ত আক্রান্ত হৈ মহানগৰীৰ দীপিকা নাথ নামৰ এগৰাকী যুৱতীৰ গুৱাহাটীৰ বিৰুবাৰীস্থিত বি বৰুৱা কেঞ্চাৰ প্রতিষ্ঠানৰ হৰিজন কলনীত বাস কৰা আইতাক মালতী বাছফৰৰ ঘৰত মৃত্যুৰ পাছতে প্ৰতিষ্ঠানখন কিছু দিনৰ বাবে বন্ধ ৰখা হৈছিল ।