নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱৰ আইটিপিএলত শ্রমিকৰ বিক্ষোভ

কর্তৃপক্ষই মার্চ–এপ্রিলৰ দৰমহা আদায় নিদিয়াত পানীত হাঁহ নচৰা অৱস্থা

নিয়মীয়া বার্তা, ১৩ মে’ : কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্রৰ অন্তর্গত আমিনগাঁৱৰ আই টি পি এল উদ্যোগ চৌহদত মঙলবাৰে কর্মৰত শ্রমিকে তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ প্লাষ্টিকৰ বটল নির্মাণ কৰা উদ্যোগটোৱে বিগত মার্চ আৰু এপ্রিল মাহৰ দৰমহা আদায় দিয়া নাই, প্রাপ্য দৰমহা প্রদানৰ দাবীত দুই শতাধিক শ্রমিকে বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে ৷ সংহাৰী ক’ৰোনা ভাইৰাছৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হোৱা শ্রমিকসকলে প্রাপ্য মজুৰি লাভ নকৰাত উপায়হীন হৈ প্রতিবাদী কার্যসূচী গ্রহণ কৰে ৷ শ্রমিক–কর্মচাৰীসকলে বাৰম্বাৰ উদ্যোগ কর্তৃপক্ষৰ ওচৰত প্রাপ্য দৰমহা প্রদান কৰিবলৈ অনুৰোধ কৰিছিল যদিও এইক্ষেত্রত উদ্যোগ কর্তৃপক্ষই কাণষাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্রতিবাদকাৰীসকলে ৷

প্রতিবাদকাৰীসকলে আইটিপিএল উদ্যোগ কর্তৃপক্ষ মুর্দাবাদ, শ্রমিকক বঞ্চনা কৰা বন্ধ কৰক, শ্রমিক ঐক্য জিন্দাবাদ, প্রাপ্য মজুৰি শীঘ্রে আদায় দিয়ক শ্লোগানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্রতিবাদী শ্রমিক কর্মচাৰীসকলে অভিযোগ কৰে যে মাথোঁ পঞ্চাশ শতাংশ কর্মচাৰীৰেহে উদ্যোগ চলাবলৈহে প্রশাসনে অনুমতি প্রদান কৰিছে যদিও উদ্যোগ কর্তৃপক্ষই মইমতালিৰে এশ শতাংশ শ্রমিক–কর্মচাৰীকে কাম কৰিবলৈ বাধ্য কৰাইছে ৷ উদ্যোগটোৱে দৰমহা প্রদান নকৰাৰ ফলত শ্রমিক–কর্মচাৰীসকলক ঘৰভাৰা প্রদান কৰাৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্রী ক্রয় কৰালৈ অশেষ কষ্টৰ সন্মুখীন হৈছে ৷ যাৰ ফলত বঞ্চিত শ্রমিকসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হৈছে বুলিও সংবাদ মাধ্যমক জানিব দিয়ে ৷ প্রতিবাদী শ্রমিক–কর্মচাৰীসকলে এইক্ষেত্রত কামৰূপ জিলা প্রশাসনৰ হস্তক্ষেপো দাবী কৰিছে ৷ প্রতিবাদী শ্রমিক কর্মচাৰীসকলে উদ্যোগ কর্তৃপক্ষৰ সৈতে এক আলোচনাতো মিলিত হয় ৷

You might also like