নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটৰ সময়ত সোণোৱাল চৰকাৰক সংগ দিছিল বিপিএফেঃ বিশ্বজিৎ দৈমাৰীৰে সাক্ষাৎকাৰ

  • সমগ্র দেশৰ লগতে অসমতো ক’ভিড–১৯ৰ প্রভাৱত স্তব্ধ হৈ পৰিছে দৈনিক জনজীৱন ৷ এনে অৱস্থাৰ মাজতে বিটিএডি এতিয়া ৰাজ্যপালৰ শাসনত চলিছে৷ জনপ্রতিনিধি অবিহনে লকডাউনৰ এই সময়ছোৱাত বড়ো ৰাইজে সকলো ধৰণৰ সা–সুবিধা তথা অত্যাৱশ্যকীয় সেৱা লাভ কৰিছেনে ? ৰাজ্যপালৰ শাসনত থকা বাবে সাধাৰণ ৰাইজ এনে সেৱাৰ পৰা বঞ্চিত হৈছে  নেকি?

নিশ্চিতভাৱে এই সময়ত এই বিষয়টো যথেষ্ট গুৰুত্বপূর্ণৰূপে চিহ্ণিত হৈছে৷ ৰাইজৰ দ্বাৰা পৰিচালিত এখন চৰকাৰ থাকিলে গণতান্ত্রিক ব্যৱস্থাত সর্বসাধাৰণৰ সুবিধা–সুবিধাসমূহ প্রত্যক্ষ কৰাৰ যথেষ্ট সুবিধা থাকে৷ কিন্তু ৰাষ্ট্রপতি শাসন বা ৰাজ্যপালৰ শাসনত জনসাধাৰণে তেনে সুবিধা লাভ নকৰে৷ বিটিএডিত লকডাউনৰ সময়ছোৱাত সাধাৰণ ৰাইজে এতিয়া এনে অসুবিধাৰ সন্মুখীন হৈছে৷ এয়া যথেষ্ট উদ্বেগজনক বিষয়৷ ৰাজ্যপালৰ শাসনৰ এই সময়ছোৱাত সাধাৰণ পর্যায়ত অথবা গাঁও পর্যায়ত দৰিদ্র লোকসকলে কিদৰে জীৱন যাপন কৰিছে, খাদ্য সামগ্রী, স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈছে নেকি এই বিষয়বোৰ সূক্ষ্মভাৱে প্রত্যক্ষ কৰিব নোৱাৰে৷ বিটিএডিত নির্বাচিত চৰকাৰ চলি থাকিলে এই বিষয়বোৰ প্রতিখন গাঁও অথবা সমষ্টিত একোজন কার্যবাহী সদস্যই নজৰ দিব পাৰিলেহেঁতেন৷ সর্বসাধাৰণ লোকেও সন্মুখীন হোৱা সমস্যা কার্যবাহী সদস্যৰ সন্মুখলৈ আনিলে তাক সমাধান কৰাত সহজ হ’লহেঁতেন৷ কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে৷ লকডাউনৰ এই সময়ছোৱাত খাদ্য সমস্যাৰ লগতে আন আন সমস্যাৰ সন্মুখীন হোৱা গাঁওবাসী বহু দূৰলৈ আহি চক্র বিষয়াক অৱগত কৰিব লাগিব অথবা ৰাজ্যপালৰ দ্বাৰা নিযুক্তিপ্রাপ্ত সচিবক জনাব লাগিব৷ কিন্তু এই প্রক্রিয়া সহজসাধ্য নহয়৷ তদুপৰি ৰাজ্যপালৰ শাসনত থকা বিটিএডিত যিকোনো এটা সিদ্ধান্ত ল’বলৈ ৰাজ্যপালৰ অনুমোদনৰ প্রয়োজন হয়৷ ফলত এই সময়ছোৱাত সাধাৰণ ৰাইজৰ মৌলিক সমস্যাসমূহ একাষৰীয়াকৈ ৰাখি থোৱা হৈছে৷ এনে পর্যায় পাইছেগৈ যে স্থানীয় প্রশাসনে কোনো এটা সমস্যাই সমাধান কৰিব নোৱাৰে৷ সকলো ৰাজ্যপালৰ অনুমোদনৰ ওপৰত নির্ভৰ কৰিব লগা হৈছে৷ এই বিষয়বোৰ পূর্বে অৱগত হোৱা বাবেই বিটিচিৰ শাসনত থকা বিপিএফে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰখনৰ কার্যকাল বৃদ্ধিৰ দাবী তুলিছিল৷ কিন্তু এই দিশবোৰ অগ্রাহ্য কৰা হ’ল৷ যদি ৰাজ্যপালৰ শাসনত সকলো ঠিকে থাকে, তেন্তে বিপিএফে এই দিশত ক’বলৈ একো নাই৷ কিন্তু লকডাউন দীঘলীয়া হ’লে ৰাজ্যপালৰ শাসনত বিটিএডিত সাধাৰণ ৰাইজৰ অৱস্থা যথেষ্ট শোচনীয় হ’ব ৷

  •  ৰাজ্যপালৰ শাসনক বিৰোধী ইউপিপিএল, গণ সুৰক্ষা পার্টী আদি কৰি একাংশ ৰাজনৈতিক দলে আদৰণি জনাইছে৷ ইয়াৰ দ্বাৰা বিৰোধী দলসমূহ লাভান্বিত হ’ব নেকি? বিপিএফ ইয়াৰ বাবে লোকচানৰ সন্মুখীন হ’ব নেকি? কি ভাবে আপুনি?

চাওক, এই সময়ছোৱাত বিপিএফে লাভ–লোকচানৰ কথা ভবা নাই৷ বা ৰাজনৈতিকভাৱেও আমি লোকচানৰ সন্মুখীন হ’ম বা যথেষ্ট সুবিধাজনক স্থিতিত নাথাকিম, সেই বিষয়বোৰ এৰাই চলিছোঁ৷ বিপিএফ হ’ল বড়ো ৰাইজৰ ৰাজনীতিক দল৷ জনগণৰ বাবে বিপিএফে কাম কৰি আহিছে৷ ইয়াৰ বিপৰীতে বিৰোধীৰ বাবে এতিয়া মূল লক্ষ্য হৈছে নির্বাচন৷ তেওঁলোকে ভাবিছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ কার্যকাল বৃদ্ধি হ’লে বিপিএফে সুযোগ ল’ব৷ কিন্তু মই ক’ব খোজো এয়া গণতান্ত্রিক প্রক্রিয়া৷ নির্বাচন আহিব, যাব৷ ইয়াৰ দ্বাৰা ৰাজনৈতিক সালসলনি হ’ব৷ কিন্তু সবাতোকৈ মূল বিষয়টো হ’ল বিটিএডিৰ ৰাইজ৷ ৰাজ্যপালৰ শাসনত বিটিএডি ৰাইজৰ সমস্যাসমূহ জটিল ৰূপত ওলাই পৰিছে৷ অত্যাৱশ্যকীয় সেৱাৰ পৰা গাঁৱৰ ৰাইজ বঞ্চিত হৈছে৷ এই বিষয়বোৰ কিন্তু বিৰোধীসকলে উত্থাপন কৰা নাই৷ দলসমূহৰ ৰাজনৈতিক দৃষ্টিভংগী বেলেগ হ’ব পাৰে, এই সময়ছোৱাত সকলোৰে মূল লক্ষ্য হ’ব লাগে ৰাইজক লকডাউনৰ সময়ছোৱাত সহায় আগবঢ়োৱাটো৷ বিটিচি চৰকাৰ থাকিলে এনেবোৰ সমস্যা সমাধান কৰিব পৰা গ’লহেঁতেন৷ গণতন্ত্রক বিশ্বাস কৰা ৰাজনৈতিক দল অথবা ব্যক্তিয়ে  কেতিয়াও ৰাজ্যপালৰ শাসন নিবিচাৰে৷ বিটিচিৰ ওপৰত ইয়াৰ প্রভাৱ ঋণাত্মক ৰূপত পৰিব৷

  •  লকডাউনৰ এই সময়ছোৱাত বিটিচি প্রশাসন সুস্থিৰভাৱে চলি থকা বুলি বিৰোধীয়ে দাবী কৰাই নহয়, ৰাজ্যপালৰ শাসনত বড়ো ৰাইজে উশাহ ল’বলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰিছে৷ আপোনাৰ প্রতিক্রিয়া কি?

লকডাউনত সকলো বন্ধ৷ এনে অৱস্থাত প্রশাসন সুস্থিৰভাৱে চলিছে বুলি কি যুক্তিত ক’ব৷ সাধাৰণ ৰাইজ অত্যাৱশ্যকীয় সামগ্রীৰ পৰা বঞ্চিত হৈছে৷ ইয়াৰ বিপৰীতে কিন্তু ৰাজ্যপালৰ হৈ প্রশাসনিক দায়িত্ব চম্ভালা প্রধান সচিবৰ কার্যালয় নতুন ৰূপত সজাই–পৰাই তুলিবলৈ কাম পূর্ণগতিত চলি আছে৷ যি সময়ত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে, কার্যালয়ত ৩০ শতাংশক উপস্থিত থাকিবলৈ দিয়া হৈছে, তেনে সময়ত বাহিৰৰ পৰা শ্রমিক আনি কি প্রয়োজনত প্রধান সচিবৰ অফিচ ৰুম সজাই–পৰাই তোলাত তৎপৰ হৈ পৰিছে,  সেয়াহে বিচার্যৰ বিষয়৷ এতিয়া বিটিএডিৰ ৰাইজৰ সমস্যা গুৰুত্বহীন৷ ইয়াৰ পৰিৱর্তে প্রশাসনিক দিশ চম্ভালিবলৈ কার্যালয় স্থাপনৰ প্রতিযোগিতাহে চলিছে৷ ১৭ বছৰীয়া কার্যালয় এটা ভাঙি নতুন ৰূপত সজাবলৈ এই মুহূর্তত কিহৰ প্রয়োজন হ’ল, এয়া বিটিএডিৰ ৰাইজে ভালকৈ বুজিছে৷ এটা কথা চাওক– অসমৰ ৰাইজে ৰাষ্ট্রপতিৰ শাসন প্রত্যক্ষ কৰিছে৷ ৰাষ্ট্রপতিৰ শাসনত সন্মুখীন হোৱা সমস্যাৰ বিষয়েও সকলোৱে অৱগত৷ এতিয়া বিটিএডিত ৰাজ্যপালৰ শাসন৷ অনুমান কৰক বিটিএডিৰ সাধাৰণ সমস্যাক কিদৰে একাষৰীয়া কৰা হৈছে৷ অসমৰ ৰাইজে নিশ্চয় ৰাষ্ট্রপতিৰ শাসনৰ কথা সুঁৱৰি বিটিএডিৰ বর্তমানৰ সমস্যা অনুধাৱন কৰিব পাৰিব৷

  •  কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ উদ্যোগতে বিটিআৰ চুক্তি সম্পাদিত হৈছে৷ শাসকীয় দলটোৰ মিত্রদলৰূপেও বিপিএফ আছে৷ এনে অৱস্থাত বিটিচিৰ নির্বাচনত বিজেপিয়ে অকলশৰে প্রতিদ্বন্দ্বিতা কৰা সিদ্ধান্তক আপুনি কিভাৱে লক্ষ্য কৰে? আনকি বিজেপিয়ে বিপিএফৰ বিৰোধী শক্তি ইউ পি পি এলৰ সৈতেও মিত্রতাৰ বাবে আগ্রহী বুলি চর্চা চলিছে৷ এই সন্দর্ভত আপোনাৰ মতামত কি?

আপুনি কৰা প্রশ্ণৰ দৰে কথাটো তেনেকুৱা নহয়৷ বিজেপিৰ লগত আমি এতিয়াও মিত্রতাত আছোঁ৷ ৰাজনৈতিক বুজাপৰাও আমাৰ মাজত আছে৷ যাৰ বাবে বিটিচিৰ নির্বাচনত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব খোজা কেইবাটাও ছিটত বিপিএফে প্রার্থিত্ব দিয়া নাই৷ যিসমূহ সমষ্টিত বিজেপিৰ শক্তি অটুট আছে, তেনে সমষ্টিত আমি তেওঁলোকৰ সৈতে সহযোগিতা কৰিছোঁ৷ এই বিষয়ে মুখ্যমন্ত্রীৰ লগতে  ড০ হিমন্ত বিশ্ব শর্মাও অৱগত৷ সেয়াই নহয়, বিজেপিৰ সৈতে যে আমাৰ সম্পর্ক দৃঢ় হৈ আছে সেই কথাও স্পষ্ট৷ আপোনাক জনাওঁ যে হাগ্রামা মহিলাৰীৰ বিটিচি চৰকাৰৰ কার্যকাল বৃদ্ধিৰ বাবে মুখ্যমন্ত্রীৰ ওচৰত বিপিএফে যি আর্জি দাখিল কৰিছিল, সেই অনুসৰিয়েই ৰাজ্য চৰকাৰখনে ৰাজ্যপালক বিটিচি চৰকাৰৰ কার্যকাল বৃদ্ধি কৰিবৰ বাবে প্রস্তাৱ দিছিল৷ কিন্তু ৰাজ্যপালে নিজস্ব ক্ষমতা প্রয়োগ কৰি নির্বাচন নোহোৱা বাবে বিটিএডিৰ শাসন নিজৰ হাতলৈ নিলে৷ কিন্তু এয়া সাংবিধানিকভাৱে উচিত হোৱা নাই৷ ষষ্ঠ অনুসূচীৰ অন্তর্গত স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্রত সংবিধানত স্পষ্টকৈ উল্লেখ কৰা আছে যে কোনো পৰিষদৰ কার্যকাল অন্ত পৰাৰ পিছত যদি কোনো জৰুৰী অৱস্থাৰ সৃষ্টি হয় কার্যকাল বৃদ্ধি কৰিব পাৰে৷  সেইমর্মে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিটিচি চৰকাৰৰ কার্যকাল বৃদ্ধিৰ প্রস্তাৱ দিছিল৷ সেয়া সম্ভৱ হৈছে বিপিএফ আৰু বিজেপিৰ মাজত থকা সু–সম্পর্কৰ বাবে৷ আনহাতে আপুনি কোৱাৰ দৰে ইউপিপিএল আৰু বিজেপিৰ সম্পর্কৰ ক্ষেত্রত মই কওঁ– প্রতিটো ৰাজনৈতিক দলৰে নিজা নিজা কৌশল আছে৷ সেইমর্মে নির্বাচনৰ প্রাকক্ষণত এই বিষয়বোৰ চর্চা হৈছিল যদিও তাৰ কোনো স্থায়িত্বতা নাই৷ ইউপিপিএলে বিপিএফৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ আমি এসময়ত কংগ্রেছৰ লগত আছিলোঁ, এতিয়া বিজেপিৰ লগত আছোঁ৷ গতিকে ৰাজনীতিত এইবোৰ চলি থাকে৷ কিন্তু এটা কথা স্পষ্ট বর্তমান বিজেপি আৰু বিপিএফৰ মিত্রতা অটুট আছে ৷

  •  বিপিএফত বিভাজন আহিছে নেকি? আপোনালোকৰ একাংশ নেতা বিজেপিলৈ যাব বুলি ওলাইছে৷ বিটিচিত যদি নির্বাচন হয় বিপিএফক কোনে নেতৃত্ব দিব? বিজেপিৰ সহায় ল’বনে আপোনালোকে?

মই আগৰ প্রশ্নৰ  উত্তৰতো আপোনাক কৈছোঁ আমি এতিয়াও বিজেপিৰ সৈতে সুসম্পর্কত আছোঁ ৷ ২০১৬ চনৰ নির্বাচনত বিটিএডিৰ বাহিৰত আমি বিজেপিক সমর্থন দিছোঁ৷ যাৰ বাবে দলটোৱে কেইবাখনো আসন দখল কৰিব পাৰিছে৷ বিপিএফৰ ৰাজনৈতিক পৰিক্রমা চালে আপুনি লক্ষ্য কৰিব আমি আনকহে সহায় কৰি আহিছোঁ৷ বিগত  লোকসভা নির্বাচনৰ সময়ত মঙলদৈ সমষ্টি বিপিএফৰ কাৰণে বিজেপিয়ে লাভ কৰিছে৷ ৰাজ্যত কিছুদিন আগতে চলা কেববিৰোধী আন্দোলনৰ সময়ত বিজেপি চৰকাৰৰ কাষত বিপিএফ থিয় দিছিল৷ সেই সময়ত অগপই মন্ত্রিত্ব এৰি চৰকাৰৰ পৰা আঁতৰি গৈছিল৷ ২০১৮ চনত সংকটত পৰা সোণোৱাল চৰকাৰখনক আমি সমর্থন দিছিলোঁ৷ একপ্রকাৰ আমাৰ সমর্থনৰ বাবে চৰকাৰ ৰক্ষা পৰিছিল৷ গতিকে বিপিএফে ইমানদিনে সকলোকে সহায় কৰি আহিছে৷ এনে অৱস্থাত বিটিচিত আমি মিত্রদল হিচাপে আঁকোৱালি লোৱাসকলে আমাক এতিয়া সহযোগ কৰক৷ আপুনি কোৱাৰ দৰে বিপিএফত কোনো বিভাজন হোৱা নাই৷ সংবাদ মাধ্যমত কিছু চর্চা চলি থাকে এনেবোৰ বিষয়ক লৈ৷ কিন্তু আমাৰ কোনো নেতা বিজেপিলৈ নাযায়৷ ২০১৬ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদী কোকৰাঝাৰলৈ অহাৰ সময়ত ৩ লাখ লোকৰ উপস্থিতিত আমি বিজেপিক সমর্থন দিয়াৰ কথা কৈছিলোঁ৷ সেই অনুসৰি এতিয়াও আমি বিজেপিৰ সৈতেই আছোঁ৷ অপগই চৰকাৰৰ পৰা আঁতৰি যোৱাৰ সময়ত হাগ্রামা মহিলাৰীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ওচৰত থিয় হৈ কৈছিল, আমি আপোনালোকৰ লগত আছোঁ৷ গতিকে এইবোৰ বিষয় পাহৰি গ’লে নহ’ব৷ বিভাজনৰ বিষয়টো একাংশই উদ্দেশ্যপ্রণোদিতভাৱে সঘনে উত্থাপন কৰি আহিছে, যাতে ভুল বুজাবুজিৰে বিপিএফ আৰু বিজেপিৰ সংঘাত হওক৷ কিন্তু আমি স্পষ্ট– মিত্রতা আমাৰ অটুট আছে, থাকিব ৷

সাক্ষাৎগ্ৰহণঃ গুণজিৎ ভট্টাচার্য

You might also like