নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ সন্তানৰ পিতৃয়ে পলুৱাই নিলে ৫ সন্তানৰ মাতৃক

ৰূপহীহাটত দুই পঞ্চায়ত প্রতিনিধিৰ প্রেম

নিয়মীয়া বার্তা, ১৪ মে’ : ৰূপহীহাটত কংগ্রেছৰ পঞ্চায়ত প্রতিনিধিৰ প্রেম কাহিনীয়ে বৃহত্তৰ অঞ্চলজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ বাটমাৰী গাঁৱৰ ৯নং ৱার্ড সদস্য তথা ৪ সন্তানৰ পিতৃ আইজুল হক আৰু খনাটুপ গাঁৱৰ ৮নং ৱার্ড সদস্যা তথা ৫ সন্তানৰ মাতৃ আম্বিয়া খাতুনৰ মাজত আৰম্ভ হৈছিল প্রেম ৷ অসমীয়াত এষাৰ কথা আছে যে প্রেমে নামানে কোনো জাতি–কুল আৰু বয়সৰ সময়সীমা ৷ যোৱা পঞ্চায়ত নির্বাচনত ৰাইজক সেৱা আগবঢ়োৱাৰ দায়িত্ব ল’বলৈ ৰাইজে মনোনীত প্রার্থী হিচাপে বাছনি কৰিছিল এই দুগৰাকী প্রতিনিধিক ৷ কিছুদিন যোৱাৰ পিছত দুয়ো ফোনত কথাও পাতিছিল আৰু সভা–সমিতিত একেলগেই গৈছিল ৷ ইয়ালৈকে সকলো ঠিকেই আছিল কিন্তু হঠাতে এজনে আনজনক দিলে প্রেমৰ প্রস্তাৱ ৷ লগে লগে প্রেমৰ প্রস্তাৱ গ্রহণ  হ’ল ৷ পিছত দিনে–ৰাতিয়ে ফোনত বার্তালাপ কৰি সময় পাৰ কৰে দুয়ো, কিছুদিন আগতে দলীয় সভা এখনত যোৱা বুলি কৈ ঘৰৰ পৰা ওলাই আম্বিয়া খাতুন ৷ কিন্তু ঘৰলৈ উভতি নগ’ল আৰু আম্বিয়া ৷

আম্বিয়াক বিচাৰি বিচাৰি হাহাকাৰ পৰিয়ালৰ লোকৰ ৷ অৱশেষত সন্ধান পালে আম্বিয়াৰ ৷ নিকটৱর্তী ৱার্ড সদস্য আইজুলে পলুৱাই নিছিল আম্বিয়াক ৷ আম্বিয়াই ঘৰৰ পৰা লৈ আহিছিল ১ লাখ টকাৰ লগতে এখন মটৰচাইকেল ৷ উপায়বিহীন হৈ আম্বিয়াৰ স্বামীয়ে আইজুল হকৰ নামত ৰূপহীহাট থানাত এক গোচৰ ৰুজু কৰিছিল ৷ ইফালে আইজুল হকে আম্বিয়া খাতুনক ঘৰত লৈ আহোতেই মূৰত পাহাৰ ভাঙি পৰিল পত্নী তথা ৪ সন্তানৰ মাতৃ হাচনাৰা বেগমৰ ৷ আইজুলে প্রথম পত্নী হাচনাৰা বেগমক শাৰীৰিক তথা মানসিক অত্যাচাৰ আৰম্ভ কৰিব ধৰিলে ৷ উপায়হীন হৈ হাচনাৰা বেগমে আইজুল হকৰ বিৰুদ্ধে ৰূপহীহাট থানাত এক গোচৰ ৰুজু কৰে ৷ উল্লেখ্য যে চৰকাৰে ২টা সন্তান থকা লোকেহে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব  পাৰিববুলি নির্দেশ জাৰি কৰিছিল ৷ কিন্তু এই দুই ৱার্ড সদস্য ৫ সন্তানৰ পিতৃ–মাতৃ হৈ কেনেকৈ নির্বাচনত অৱতীর্ণ হ’ল সেয়া লাখটকীয়া প্রশ্ন হৈ পৰিছে ?

You might also like