নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত স্বাস্থ্য কৰ্মী, প্ৰশাসনীয় কৰ্মচাৰী আৰু সাংবাদিকক হাইস্কুল শিক্ষক সংস্থাৰ সম্বৰ্দ্ধনা

নিয়মীয়া বাৰ্তা, ১৪ মেঃ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সম্পূৰ্ণ দ্বায়বদ্ধতা আৰু নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰি অহা স্বাস্থ্য বিভাগ, প্ৰশাসনীয় আৰু সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলক আজি নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা আৰু নগাঁও জিলা আন্ত: হাইস্কুল পৰীক্ষা পৰিষদে সম্বৰ্ধনা জ্ঞাপন কৰে। এই লোকসকলে তীব্ৰ প্ৰত্যাহ্বানৰ মাজত থিয় হৈ এজন প্ৰকৃত যুঁজাৰু হিচাবে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দি আহিছে। এনে জটিল সময়ত স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন, সংবাদ মাধ্যমৰ লগত জড়িত লোক সকলক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন ধৰণে প্ৰেৰণা যোগাই মানৱ সেৱাত ব্ৰতী হৈছে।
এই লক্ষ্যৰে আজি উল্লিখিত শিক্ষক সংস্থা দুটাই নগাঁও শিক্ষা ভৱনত আজি আয়োজন কৰা এক অনুষ্ঠানত সামাজিক দূৰত্ব বজাই ৰাখি সাংবাদিক, স্বাস্থ্য কৰ্মী, প্ৰশাসনীয় কৰ্মচাৰী আদিক মানপত্ৰ, গামোচা আদিৰে সম্বৰ্ধনা জনায়। নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত সংস্থাৰ সভাপতি ৰঞ্জিত শইকীয়া, পৰীক্ষা পৰিষদৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ দাস আৰু সচিব নন্দেশ্বৰ বৰুৱা আদিকে ধৰি দুয়োটা সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

You might also like