শোকাৱহ! পথ দুৰ্ঘটনাত নিহত ২৪জনকৈ লোক
নিয়মীয়া বাৰ্তা, ১৬ মেঃ উত্তৰ প্ৰদেশৰ আউৰিয়া জিলাত ভয়াৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত ২৪জনকৈ লোক। শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনা।
লক ডাউনৰ বাবে ৰাজস্থানত আৱদ্ধ হৈ থকা শ্ৰমিকসকল আহি আছিল নিজ নিজ ৰাজ্যলৈ। ৰাজস্থানৰ পৰা ঘৰলৈ আহি থকাৰ অৱস্থাতেই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত অধিকাংশ শ্ৰমিকেই ঝাৰখণ্ড, বিহাৰ আৰু পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে।