ক’ৰোনাৰ আতংকৰ মাজতে আৰম্ভ বুণ্ডেছলিগা ফুটবল
নিয়মীয়া বার্তা, ১৭ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে শনিবাৰ ৰে পৰা পুনৰ আৰম্ভ হ’ল জার্মানীৰ আগশাৰীৰ ফুটবল প্রতিযোগিতা বুণ্ডেছলিগা৷ অৱশ্যে এই মেচকেইখন দর্শকবিহীন ষ্টেডিয়ামত অনুষ্ঠিত হয়৷
মন কৰিবলগীয়া যে চীনৰ য়ুহানৰ পৰা উৎপত্তি হোৱা মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে বিশ্বৰ আন প্রান্তৰ লগতে জার্মানীতো স্থগিত ৰখা হৈছিল ফুটবলকে ধৰি আন কেইবাখনো প্রতিযোগিতা৷ দেশখনত ক’ৰোনাৰ আতংক কমা নাই যদিও কিছু নীতি–নির্দেশনাৰ মাজত বুণ্ডেছলিগা ফুটবল প্রতিযোগিতাখন আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে জার্মানীয়ে৷ মন কৰিবলগীয়া যে ক’ৰোনাৰ ভয়াৱহতাৰ বাবে জার্মানীত মার্চ মাহৰ মাজভাগৰ পৰা দেশখনৰ আগশাৰীৰ ফুটবল প্রতিযোগিতাখন স্থগিত ৰাখিবলগীয়া হৈছিল৷
শনিবাৰে ডর্টমুণ্ডৰ ছিগনেল ইডুনা পার্কত খালী ষ্টেডিয়ামত অনুষ্ঠিত একপক্ষীয় মেচখনত ডর্টমুণ্ডে ছালকেৰ বিপক্ষে ৪–০ গ’লত বিজয় সাব্যস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷ মেচখনত প্রথমৰ পৰাই ডর্টমুণ্ডে খোপনি পুতি বিপক্ষ দলটোক চাপত ৰাখিবলৈ সক্ষম হৈছিল৷ ২৯ মিনিটত ইৰলিং ব্রাউট হালাণ্ডে প্রথমটো গ’ল স্ক’ৰ কৰাৰ পাছত ৪৫ মিনিটত ৰাফেল গুৰেইৰ’ই আন এটা গ’ল স্ক’ৰ কৰি দলক ২–০ৰ অগ্রগতি দিয়ে৷ প্রথমার্ধত ২–০ গ’লত অগ্রগতি লাভ কৰি থকা ডর্টমুণ্ডে দ্বিতীয়ার্ধতো উজ্জীৱিত খেল দাঙি ধৰে আৰু পুনৰ দুটা সফলতা লাভ কৰে৷ ৪৮ মিনিটত থ’ৰগান হাজার্ডে গ’ল স্ক’ৰ কৰাৰ পাছত ৬৩ মিনিটত ৰাফেল গুৰেইৰ’ই ব্যক্তিগতভাৱে দ্বিতীয়টো গ’ল স্ক’ৰ কৰে৷
অৱশ্যে ছালকেই গ’ল স্ক’ৰ কৰাৰ সুযোগ লাভ কৰিছিল যদিও তাক কার্যকৰী কৰাত সম্পূর্ণৰূপে ব্যর্থ হৈছিল৷ মন কৰিবলগীয়া যে মেচখনত বিজয় সাব্যস্ত কৰি ডর্টমুণ্ডে ২৬খন মেচৰ পৰা ৫৪ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে৷
ইফালে, পইণ্ট তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰি থকা আৰ বি লেইপেজে এছ চি ফ্রেইবার্গৰে ড্র খেলি পইণ্ট ভগাই লয়৷ প্রিজিৰ’ এৰেনাত বিনা দর্শকৰ উপস্থিতিত অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ মেচখন ১–১ গ’লত অমীমাংসিত হয়৷ খেলৰ ৩৪ মিনিটত মানুৱেল গুলডেই গ’ল স্ক’ৰ কৰি এছ চি ফ্রেইবার্গক অগ্রগতি প্রদান কৰিছিল যদিও দ্বিতীয়ার্ধত উজ্জীৱিত খেল দাঙি ধৰে লেইপেজে৷ খেলখনৰ ৭৭ মিনিটত য়ুছুফ প’লছেনে দর্শনীয় গ’ল স্ক’ৰ কৰি মেচখন ড্র কৰাত লেইপেজৰ হৈ গুৰুত্বপূর্ণ ভূমিকা লয়৷ লেইপেজে এতিয়ালৈকে ২৬খন মেচৰ পৰা ৫১ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে৷
ইফালে, প্রতিযোগিতাখনৰ আন মেচকেইখনত হেৰথাই হ’ফেনহেইমক ৩–০, ৱ’লফছবার্গে আগুছবার্গক ২–১ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰাৰ বিপৰীতে ডুছেলড’ফ আৰু পেডাৰব’নৰ মাজৰ খেলখন গ’লশূন্যভাৱে সমাপ্ত হয়৷