বিশ্বত ক’ৰোনা আক্রান্তৰ দ্বিতীয় স্থানত ৰাছিয়া
নিয়মীয়া বাৰ্তা, ১৮ মেঃ বিশ্বজুৰি মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পায়েই আছে৷ ২১৩খন দেশলৈ সম্প্রসাৰিত হোৱা ঘাতক ক’ভিড–১৯ত আক্রান্ত হৈছে ৪৭.৬৫ লক্ষাধিক লোক৷ প্রাণ হেৰুৱাইছে ৩.১৪ লাখ লোকে৷ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্র শীর্ষস্থানত থকাৰ বিপৰীতে বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যাৰে স্পেইনক পিছ পেলাই ৰাছিয়া দ্বিতীয় স্থানত আছে৷
ইপিনে, ২.৭৭ লাখতকৈ অধিক আক্রান্তৰে তৃতীয় স্থানত স্পেইন থকাৰ বিপৰীতে বিগত ২৪ ঘণ্টাত অর্থাৎ একেদিনাই ১৫ হাজাৰ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাত বিশ্বৰ চতুর্থ স্থানত আছে ব্রাজিল৷ আমেৰিকা যুক্তৰাষ্ট্রত বিগত দুমাহ ধৰি আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশখনত আক্রান্তৰ সংখ্যা ১৫ লক্ষাধিক হৈছে৷ তেনেদৰে মৃতকৰ সংখ্যা ৯০ হাজাৰ অতিক্রম কৰিছে৷
তালিকাত পঞ্চম স্থানত গ্রেট ব্রিটেইন থকাৰ বিপৰীতে ইয়াৰ পাছতেই স্থান লাভ কৰিছে ইটালী, ফ্রান্স, জার্মানী, তুৰস্ক আৰু ইৰানে৷ ব্রাজিল, ৰাছিয়া, স্পেইন, গ্রেট ব্রিটেইন, ইটালী আদিত আক্রান্তৰ সংখ্যা ২ লক্ষাধিক হোৱাৰ বিপৰীতে ফ্রান্স, জার্মানী, তুৰস্ক, ইৰান আদি দেশত আক্রান্তৰ সংখ্যা এক লক্ষাধিক৷