সোণাৰি চাপৰিত ৱাৰ্ড সদস্য ললিত চুতীয়াৰ দৌৰাত্ম্য উৎকোচ লৈ ঘৰ দিব নোৱাৰি হিতাধিকাৰীক ভাবুকিঃ মহকুমাধিপতিক গোচৰ
নিয়মীয়া বাৰ্তা ১৮মেঃ ঢ়কুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ সোণাৰি চাপৰি গাওঁ পঞ্চায়ত অন্তগত ৭ নং চেনিমাৰী ৱাৰ্ড সদস্য ললিত চুতীয়াই একে গাওঁৰে দৰিদ্ৰ সীমা ৰেখা তলৰ প্ৰধানমন্ত্ৰী আবাস গৃহ যোজনাৰ হিতাধিকাৰী ৰাজীৱ চুতীয়াৰ পৰা ঘৰ আৰু শৌচাগাৰ দিয়াৰ প্ৰলোভনে যোৱা ১৮ মে ২০১৯ তাৰিখেই নগদ তিনি হাজাৰ টকা উৎকোচ গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত পুনৰ ২০০ টকা লৈ সোণাৰি চাপৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ত ১৩২১৮৭০ নং আই ডি নম্বৰৰ বিপৰীতে বুজাবুজি পত্ৰত স্বাক্ষৰ কৰোৱাই আৰু ৬ আগষ্টত সমগ্ৰ দেশৰ লগতে ৰাজীৱৰ ঘৰতো ভূমি পূজনো কৰোৱায় ৷ কিন্তু বিগত প্ৰায় এটা বছৰে ৰাজীৱে প্ৰধানমন্ত্ৰী আবাস নাপায় ৱাৰ্ড সদস্য গৰাকীৰ কাষ চপাত হিতাধিকাৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়ে ৷ফলত দৰিদ্ৰ পৰিয়ালটোৱে ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰি ইয়াৰ এক ন্যায়িক তদন্তৰ জৰিয়তে সু বিচাৰৰ বাবে যোৱা ১৪ মে’ত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাক অভিযোগ দিয়ে যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই ৷ আনহাতে ৱাৰ্ড সদস্য গৰাকীয়ে হিতাধিকাৰীয়ে তেওঁৰ বিৰুদ্ধে অপ্ৰ প্ৰচাৰ চলোৱা বুলি ১৭ মে’ত সোণাৰি চাপৰি আৰক্ষী চকীত মান হানি গোচৰ তৰাত প্ৰাপ্য ধন হেৰুৱাব লগা হোৱাৰ আশংকাত দিক বিদিক হেৰুৱাইছে ৷ এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমাধিপতি গৰাকীয়ে ইয়াৰ এক ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত দুখিক উপযুক্ত শাস্তি প্ৰদানৰো দাবী জনাইছে অঞ্চলৰ সচেতন মহলে ।