ক’ৰোনা যোদ্ধালৈ অসম অলিম্পিকৰ ভিডিঅ’
নিয়মীয়া বাৰ্তা, ১৯ মে’: মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত অসম অলিম্পিক সন্থাৰ দ্বাৰা প্রস্তুত কৰা এটা বিশেষ ভিডিঅ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷
অসম অলিম্পিক সন্থাই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া যোদ্ধাসকলৰ সন্মানার্থে এই ভিডি’টো প্রস্তুত কৰি উলিয়াইছে৷ সন্থাৰ প্রচাৰ কোষৰ সভাপতি ৰাজীৱ প্রকাশ বৰুৱাৰ বিষয়বস্তু তথা পৰিকল্পনাৰে নির্মাণ কৰি উলিওৱা ভিডিঅ’টোত তাৰকা দৌৰবিদ হিমা দাস, উদীয়মান সাঁতোৰবিদ শিৱাংগী শর্মা, তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো আদিৰ দৰে ক্রীড়াবিদে স্থান পাইছে৷
ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী সংগীতা কাকতি, অনির্বাণ দাস আৰু অনুষ্কা বৰুৱাই ভিডিঅ’টোত কণ্ঠদান কৰিছে৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয় যে ভিডিঅ’টোৰ জৰিয়তে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দি থকা যোদ্ধাসকলৰ লগতে ৰাজ্যৰ ক্রীড়াবিদসকলেও মনোবল আৰু সাহস লাভ কৰিব৷ এই জটিল ক্ষণত এনেধৰণৰ প্রেৰণাদায়ী ভিডি’ই নেতিবাচক বাতাৱৰণ নাশ কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷