দুবিধ ঔষধেৰে আৰোগ্য ক’ৰোনা ৰোগী !
নিয়মীয়া বাৰ্তা, ১৯ মে’: বিশ্বজুৰি ক’ভিড–১৯ ৰোগীক আৰোগ্য কৰাৰ ক্ষেত্রত ঔষধক লৈ চর্চা চলি থকাৰ মাজতে দুবিধ ঔষধৰ সংমিশ্রণেৰে আৰোগ্য কৰিব পাৰি বুলি দাবী কৰিছে বাংলাদেশৰ চিকিৎসকৰ দলে৷
দেশখনৰ এটা চিকিৎসকৰ দলে চলোৱা এটা গৱেষণাত ৬০ গৰাকী ক’ভিড–১৯ ৰোগীক দুবিধ ঔষধৰ সংমিশ্রণেৰে শুশ্রূষা কৰাত আৰোগ্য লাভ কৰা বুলি নিশ্চিত হোৱাৰ দাবী কৰিছে৷ বাংলাদেশ মেডিকেল কলেজ হাস্পতালৰ অধ্যাপক ডাঃ মহম্মদ তাৰেক আলমে প্রকাশ কৰা মতে, এনট্রি পট’জল ঔষধ ইভাৰ মেট্রিনৰ ছিংগল ড’জ আৰু এণ্টিবায়’টিক ডক্সিচাইক্লিনৰ সংমিশ্রণ ঘটাই ক’ভিড–১৯ ৰোগীক শুশ্রূষা কৰাত এই ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ পিছতেই বাংলাদেশত এই ভাইৰাছত আক্রান্ত ৰোগীক এই সংমিশ্রিত ঔষধ প্রদান কৰি থকা হৈছে৷
উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ দেশখনত ২০ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে তিনি শতাধিক লোকৰ মৃত্যু ঘটিছে৷