নিয়মীয়া বাৰ্তা, ২০ মেঃ বংগোপসাগৰত সৃষ্ট মহা ঘূর্ণি বতাহ আম্ফানে আজি প্রতিঘণ্টাত ২৪০–২৫০ কিলোমিটাৰ বেগেৰে পশ্চিমবংগৰ উপকূলীয় অঞ্চলত খুন্দিয়াব৷ পশ্চিমবংগৰ লগতে মহাশক্তিশালী এই ঘূর্ণি বতাহ আম্ফানে ওড়িশাৰ উপকূলীয় অঞ্চলো অতিক্রম কৰিব৷ এই ঘূর্ণি বতাহৰ ফলত পশ্চিমবংগ আৰু ওড়িশাত হ’বলগীয়া সম্ভাব্য ক্ষতিৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ সহযোগত প্রয়োজনীয় প্রস্তুতি গ্রহণ কৰিছে৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিমবংগ, কলকাতা, হুগলী, হাওৰা, দক্ষিণ–উত্তৰ ২৪ পৰগনা আৰু পূব মেদিনীপুৰ জিলাত অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে৷
ইপিনে ঘূর্ণি বতাহৰ ফলত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পশ্চিমবংগ আৰু ওড়িশাই সাগৰত মাছ মৰাটো নিষিদ্ধ কৰিছে৷ ঘূর্ণি বতাহে সংহাৰী ৰূপ লোৱাৰ সম্ভাব্য স্থানৰ পৰা কেইবাসহস্র লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আম্ফানক লৈ কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু এনডিএমএৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত উল্লেখিত ৰাজ্য দুখনত সকলো পৰিস্থিতিতে সহায়ৰ আশ্বাস দিয়ে প্রধানমন্ত্রীগৰাকীয়৷
ইপিনে, এনডিএফআৰৰ মুৰব্বী এছ এন প্রধানে ঘূর্ণি বতাহ আম্ফানক লৈ সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ সৈতে মোকামিলা কৰিবলৈ বাহিনী সম্পূর্ণ সাজু হৈ আছে বুলি প্রকাশ কৰিছে৷ উল্লেখ্য যে আম্ফানৰ প্রভাৱত পশ্চিমবংগ আৰু ওড়িশাত প্রবল বৰষুণ আৰু প্রচণ্ড ঘূর্ণি বতাহে বিস্তৰ ক্ষতি কৰাৰ সম্ভাৱনা প্রকট কৰিছে বতৰ বিজ্ঞান বিভাগে৷ এনেদৰে পশ্চিমবংগৰ চুবুৰীয়া ৰাজ্য অসমতো ইয়াৰ প্রভাৱ পৰিব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়াৰ পাছতেই ৰাজ্যখনৰ মুখ্যসচিব কুমাৰ সঞ্জয় কৃষ্ণই হাই এলার্ট জাৰি কৰিছে৷
বতৰ বিজ্ঞান বিভাগৰ সূত্রৰ প্রসংগৰে মুখ্য সচিব গৰাকীয়ে বঙাইগাঁও, চিৰাং, বাকসা, কামৰূপকে ধৰি পশ্চিম অসমৰ জিলা কেইখনত আমফানৰ প্রভাৱৰ মোকামিলা কৰিবলৈ এনডিআৰএফক সজাগ হৈ থাকিবলৈ নির্দেশ দিছে৷