আঢ়ৈ মাহৰ মূৰত অনুশীলন শিবিৰত যোগ দিলে ৰ’নাল্ডোৱে
নিয়মীয়া বাৰ্তা, ২০ মেঃ সম্পূর্ণ ৭২ দিনৰ বিৰতিৰ অন্তত অৱশেষত অনুশীলনত নামিল বিশ্ব ফুটবলৰ অন্যতম শ্রেষ্ঠ ষ্ট্রাইকাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে যোৱা মার্চৰ আৰম্ভণিৰে পৰা গৃহবন্দী হৈ থকা পাঁচবাৰৰ বর্ষশ্রেষ্ঠ ফুটবলাৰগৰাকীয়ে আজি টুৰিনত জুভেণ্টাছৰ অনুশীলন শিবিৰত যোগ দিয়ে৷ চিৰি এ চেম্পিয়ন জুভেণ্টাছৰ প্রশিক্ষক মাউৰিজি’ চাৰি আৰু দলীয় সতীর্থসকলৰ সৈতে শিবিৰত যোগ দিয়াৰ পূর্বে তেওঁ এক শাৰীৰিক পৰীক্ষাত অৱতীর্ণ হয়৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ বাবে যোৱা ৮ মার্চৰ পৰা চিৰি এ ফুটবল লীগ স্থগিত হৈ আছে৷ ইয়াৰ পিছতে ৰ’নাল্ডোৱে গৃহভূমি মাদেইৰালৈ উভতি আহি পৰিয়ালৰ সৈতে প্রায় আঢ়ৈ মাহ গৃহবন্দী হৈ থাকিবলগীয়া হয়৷ পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত চলিত মাহৰ আৰম্ভণিতে ৩৫ বছৰীয়া তাৰকাগৰাকীয়ে ব্যক্তিগত বিমানেৰে টুৰিনলৈ পুনৰ ৰাওনা হৈছিল আৰু ইটালী চৰকাৰৰ কোৱাৰেণ্টাইন নিয়ম অনুসৰি দুসপ্তাহ নিঃসংগ হৈ থকাৰ অন্তত আজি অনুশীলন শিবিৰত যোগ দিয়ে৷ উল্লেখ্য যে চিৰি এৰ আগশাৰীৰ ক্লাব জুভেণ্টাছে সামাজিক দূৰত্ব আৰু ক’ভিড–১৯ প্রতিৰোধী নীতি–নির্দেশনা পালন কৰি যোৱা ৪ মে’ৰ পৰা অনুশীলন আৰম্ভ কৰিছে৷