নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুতে মই ভাৰত হাৰিলে টিভি অফ কৰি বিছনালৈ গৈছিলোঁঃ কোহলি

নিয়মীয়া বাৰ্তা, ২০ মেঃ লকডাউনৰ বাবে সম্প্রতি গৃহবন্দী হৈ থকা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ইণ্টাৰনেটৰ জৰিয়তে অনুৰাগীৰ সৈতে প্রায় দৈনিক শৈশৱ আৰু কেৰিয়াৰৰ আৰম্ভণিৰ সময়ৰ স্মৃতি ৰোমন্থন কৰি আছে৷ বাংলাদেশৰ তাৰকা বেটছমেন তামিম ইকবালৰ সৈতে ইনষ্টাগ্রাম লাইভত বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেনগৰাকীয়ে মঙলবাৰে শৈশৱৰ স্মৃতি ৰোমন্থন কৰি কয় যে ভাৰত হাৰিলে এটা সময়ত তেওঁ টিভিৰ ছুইচ অফ কৰি শুবলৈ গৈছিল৷ ‘সঁচা ক’বলৈ গ’লে সৰুতে মই ভাৰত হাৰিলে টিভি অফ কৰি বিছনালৈ গৈছিলোঁ৷

ক্রিকেটৰ পথাৰত ভাৰতৰ পৰাজয় মই কেতিয়াও সহ্য কৰিব পৰা নাছিলোঁ৷ শোৱাৰ সময়ত চিন্তা কৰিছিলোঁ যে মই এই মেচখন নিশ্চিতভাৱে জিকাব পাৰিলোহেঁতেন৷ এতিয়াও মোৰ মনত এই মানসিকতা অব্যাহত আছে৷ ২০১১ত হবার্টত এখন মেচত আমি ৪০ অ’ভাৰত ৩৪০ ৰানৰ বৃহৎ লক্ষ্য অতিক্রম কৰিবলগীয়া হৈছিল৷ বিৰতিৰ সময়ত মই ৰাইনাক কৈছিলোঁ যে মেচখনত আমি দুখন টি–২০ মেচ হিচাপে চিন্তা কৰিলে নিশ্চয় জয়ী হ’ব পাৰিম৷ প্রথম ২০ অ’ভাৰ স্ক’ৰ ব’ডত অধিক ৰান সংগ্রহ কৰিব পাৰিলে আমি জয়ী হ’ব পাৰিম বুলি বিশ্বাস কৰিছিলোঁ৷’ কোহলিয়ে এইদৰে কয়৷

You might also like