নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবাঞ্ছিত অভিলেখঃ দেশত ২৪ ঘণ্টাত ৬,১১৯ ব্যক্তি আক্রান্ত

নিয়মীয়া বাৰ্তা, ২০ মেঃ  দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে ক’ভিড–১৯ৰ সংক্রমণ৷ আজি এক অবাঞ্ছিত অভিলেখ৷ এদিনতে সর্বাধিক আক্রান্ত ৬,১১৯জন৷ চর্তসাপেক্ষ শিথিলতাৰে ঘোষিত লকডাউন ৪.০ৰ কালি প্রথম দিনটোত সর্বাধিক ৪,৯৮৭জন ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত আজি এই সংখ্যাক অতিক্রম কৰি প্রথমবাৰৰ বাবে আক্রান্তই সংখ্যাই ৬ হাজাৰ অতিক্রম কৰিলে৷ মুঠ আক্রান্তৰ সংখ্যা ১,০৬,৪৪৬ আৰু মৃতকৰ সংখ্যা ৩,৩০১৷ লকডাউন ৪.০ৰ দ্বিতীয় দিনা দেশত এদিনতে সর্বাধিক আক্রান্ত হোৱাৰ বিপৰীতে কেইবাখনো ৰাজ্যত আক্রান্তৰ সংখ্যাও এদিনত সর্বাধিক হয়৷ উত্তৰ–পূবৰ ৰাজ্য অসমকে ধৰি কর্ণাটকতো এদিনত সর্বাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷

বিগত সপ্তাহ ধৰি এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতত প্রতিদিনে আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ মহামাৰী ক’ভিড–১৯ত সর্বাধিক আক্রান্ত দেশৰ তালিকাত ১১নং স্থানত থকা ভাৰতত বিগত সপ্তাহত ২৮ শতাংশ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, ভাৰতত প্রায় ২৫ লাখ লোকৰ ক’ভিড–১৯ পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ ইয়াৰে ভিতৰত আক্রান্তৰ সংখ্যা ১ লাখ পাঁচ হাজাৰ অতিক্রম কৰিছে৷ সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱা মহাৰাষ্ট্রত আজি ২,১০০জন নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাত ৰাজ্যখনত আক্রান্তৰ সংখ্যা ৩৭,১৫৮লৈ বৃদ্ধি পালে৷ ৰাজ্যখনত ৫৫জন আৰক্ষীৰ জোৱান মাৰাত্মক ভাইৰাছত আক্রান্ত হোৱাত মুঠ আক্রান্ত আৰক্ষীৰ সংখ্যা ১,৩২৮লৈ বৃদ্ধি পায়৷

ইপিনে মুম্বাইত ৯জনকৈ বেষ্টৰ কর্মচাৰীৰ দেহত ক’ভিড–১৯ পজিটিভ নিশ্চিত হোৱাত আক্রান্তৰ বেষ্ট কর্মীৰ সংখ্যা ১৩৭জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ভিতৰত ৮জনৰ মৃত্যু ঘটিছে৷ মন কৰিবলগীয়া যে মুম্বাইস্থিত এছিয়াৰ বৃহত্তম বস্তি অঞ্চল ধাৰাভিত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ আজি ২৬জনৰ দেহত ক’ভিড–১৯ পজিটিভ হোৱাত আক্রান্তৰ সংখ্যা ১,৩৫৩লৈ বৃদ্ধি পালে৷ মৃতকৰ সংখ্যা ৫৬জনলৈ বৃদ্ধি পাইছে৷ আনহাতে তামিলনাডুত নতুনকৈ ৬৮৮ লোক আক্রান্ত হোৱাত ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ১২,৪৪৮লৈ বৃদ্ধি পাইছে৷ গুজৰাটত আক্রান্তৰ সংখ্যা ১২,১৪১, দিল্লীত ১০,৫৫৪, ৰাজস্থানত ৫,৭৫৭, মধ্যপ্রদেশত ৫,৪৬৫জন আক্রান্ত হৈছে৷ লক্ষণীয় যে বিহাৰত আজি ৪৮গৰাকী বিহাৰ মিলিটাৰী পুলিচ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ১,৪৯৫লৈ বৃদ্ধি পাইছে৷

আনপিনে কর্ণাটকত আজি সর্বাধিক ১৪৯জন লোক আক্রান্ত হোৱাত ৰাজ্যখনত আক্রান্তৰ সংখ্যা ১,৩৯৫লৈ বৃদ্ধি পায়৷ জম্মু–কাশ্মীৰতো আজি ২৮জন লোক আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ১,৩১৭লৈ বৃদ্ধি পায়৷ তেনেদৰে ওড়িশাত নতুনকৈ ১০২জন আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ৯৯৭লৈ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে কেৰালাত কিছুদিন ধৰি আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা নাছিল যদিও আজি নতুনকৈ ১২জন লোক ক’ভিড–১৯ পজিটিভ হোৱাত আক্রান্তৰ সংখ্যা ৬৪৩জনলৈ বৃদ্ধি পাইছে৷

You might also like