নিয়মীয়া বাৰ্তা, ২০ মেঃ লকডাউনৰ সময়ছোৱাত প্রব্রজিত শ্রমিকৰ দুর্দশা আৰু শ্রমিক আইন দুর্বল কৰাৰ অভিযোগক লৈ ২২ মে’ত দেশৰ ১৫টা বিৰোধী ৰাজনৈতিক দলে বৈঠকৰ আয়োজন কৰিছে৷ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে এই বৈঠকত সভাপতিত্ব কৰিব৷ ভিডিঅ’ কনফাৰেঞ্চযোগে এই বৈঠকখন চলিব বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পাইছে৷ ১৫টা বিজেপিবিৰোধী ৰাজনৈতিক দলে এই বৈঠকত অংশ ল’ব৷
মন কৰিবলগীয়া যে লকডাউনৰ সময়ছোৱাত প্রব্রজিত শ্রমিকে সন্মুখীন হোৱা সমস্যাক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে কংগ্রেছ দল সৰৱ হৈ আছে৷ ইয়াৰ পিছতে ১৫ ৰাজনৈতিক দলৰ সৈতে এনে বিষয়ক লৈ বৈঠকৰ আয়োজন কৰাটো চর্চিত হৈছে৷ লকডাউনৰ সময়ত প্রব্রজিত শ্রমিকক লৈ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপ বিৰোধী দলসমূহে সমালোচনা কৰি আহিছে৷