নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ প্রতিৰোধ কৰিব পৰা ঔষধ আয়ুর্বেদিক অশ্বগন্ধা

নিয়মীয়া বাৰ্তা, ২০ মেঃ মহামাৰী ক’ভিড–১৯ৰ চিকিৎসা আৰু প্রতিৰোধক হ’ব পাৰে আয়ুর্বেদিক ঔষধ অশ্বগন্ধা৷ দিল্লীৰ আই আই টি আৰু জাপানৰ নেচনেল ইনষ্টিটিউট অৱ এডভান্সড ইণ্ডাষ্ট্রিয়েল ছায়েঞ্চ এণ্ড টেকন’লজী (এআইএছটি)য়ে যুটীয়াভাৱে চলোৱা গৱেষণাত অশ্বগন্ধা ক’ৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে প্রধান ঔষধ হ’ব পাৰে বুলি বিশ্বাস কৰিছে৷

গৱেষকৰ দলটোৱে প্রকাশ কৰা মতে, অশ্বগন্ধা আৰু প্র’প’লিৰ প্রাকৃতিক উপাদানৰ পৰা প্রস্তুত কৰা ঔষধ হ’ব ক’ভিড–১৯ৰ প্রতিৰোধক৷ দুই প্রতিষ্ঠানৰ গৱেষকৰ দলটোৱে এছ এ আৰ এছ–ক’ভ–২ৰ এনজাইমক প্রাধান্য দিয়ে তাৰ আধাৰতেই এই অশ্বগন্ধাৰ ঔষধ কার্যকৰী হোৱাটো বিশ্বাস কৰে৷ উল্লেখ্য যে এই প্রতিষ্ঠান দুটিয়ে গৱেষণা চলোৱাৰ পূর্বে দেশৰ আয়ুস মন্ত্রালয়, কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়, ইউ জি চি আৰু আই চি এম আৰৰ বিজ্ঞানী আৰু গৱেষকৰ দলে অশ্বগন্ধাক ক’ভিড–১৯ৰ ঔষধ হিচাপে ব্যৱহাৰৰ পৰীক্ষণ আৰম্ভ কৰিছে৷

শৰীৰৰ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্রত অশ্বগন্ধাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে বুলি ইতিমধ্যে ভাৰতীয় চিকিৎসা বিজ্ঞানে বিশ্বাস কৰি অহাই নহয়, এই ঔষধবিধ বহুলভাৱে প্রচলন কৰাত উদগনি জনাই আহিছে৷

You might also like