ক’ৰোনাৰ পৰা বাচি থাকিবলৈ দৈনিক হাইড্রক্সিক্ল’ৰ’কুইন সেৱন কৰে ট্রাম্পে
নিয়মীয়া বাৰ্তা, ২০ মেঃ ক’ভিড–১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ হাইড্র’ক্সিক্ল’ৰ’কুইন সঠিক নহয় বুলি নিজৰ চৰকাৰৰ স্বাস্থ্য বিশেষজ্ঞই বাধা দিয়াৰ পিছতো প্রতিৰোধক হিচাপে এই টেবলেট সেৱন কৰে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ যোৱানিশা মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে বিশেষজ্ঞই বাধা প্রদান কৰাৰ পিছতো টেবলেটটো সেৱন কৰি থকা বুলি অকপটে স্বীকাৰ কৰিছে৷ উল্লেখ্য যে ইতিমধ্যে মার্কিন ৰাষ্ট্রপতিগৰাকীৰ ক’ভিড–১৯ পৰীক্ষণ কৰা হৈছে৷
অৱশ্যে এই পৰীক্ষণত নিগেটিভ ফলাফল ওলাইছে৷ মন কৰিবলগীয়া যে মেলেৰীয়া প্রতিৰোধী ঔষধ হাইড্র’ক্সিক্ল’ৰ’কুইন আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতৰ পৰা আমদানি কৰে৷ ৰাষ্ট্রপতি ট্রাম্পে এই ঔষধবিধেৰে ক’ভিড–১৯ৰ শুশ্রূষা কৰিব পাৰে বুলি মন্তব্য কৰি নিজেও সেয়া গ্রহণ কৰি আহিছে৷ যদিওবা তেওঁৰ নিজৰ চৰকাৰৰ স্বাস্থ্য বিষয়াসকলে বাধা প্রদান কৰি আহিছে৷